নগাঁওঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও নগৰ শাখাৰ উদ্যোগত নগাঁৱৰ কিৰণৱালা গোস্বামী বালিকা বিদ্যাপীঠত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়।
তদুপলক্ষে অনুষ্ঠিত সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ননৈ মহাবিদ্যালয়ৰ মানোবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা তথা সমাজকৰ্মী কবিতা কুশ্ৰে 'নাৰী দিৱসক সীমাবদ্ধতা মাত্ৰ এদিনৰ বাবে নাৰাখি বছৰৰ ৩৬৫ দিনতে উদযাপিত কৰিব লাগে' বুলি কোৱাৰ লগতে কয় যে নাৰীক পূজা কৰাৰ প্ৰয়োজন নাই, কেৱল সন্মান দিয়াৰহে প্ৰয়োজন আছে।
বন্তি প্ৰজ্জ্বলনেৰ শুভাৰম্ভ কৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে অখিল ভাাৰতী বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলাৰ সম্পাদক মৃদুপৱন নাথে। ৰাহুল বৰাৰদ্বাৰা সঞ্চালিত এই অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে কুৰণবালা গোস্বামী বালিকা বিদ্যাপীঠৰ প্ৰধান শিক্ষয়িত্ৰী বন্তি চেতিয়াৰ লগতে অখিল ভাৰতীয় বিদ্যাাৰ্থী পৰিষদৰ কাৰ্যকৰী সদস্য কৰবী কাশ্যপ শৰ্মা, ৰাষ্ট্ৰীয় কলামঞ্চৰ ৰাজ্যিক প্ৰমুখ ভাস্কৰ কলিতা, ৰাজ্যিক কাৰ্যকৰী সদস্য দীপাংকৰ দাস, জিলা সহ-সংযোজক মৃত্যুঞ্জয় মাহাতো, ননৈ শাখাৰ সম্পাদক চম্পক বৰাৰ লগতে বহুতো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।