নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনিত দেওবাৰে নিশা দৌলযাত্ৰা মহোৎসৱৰ শেষৰ নিশা মাৰনাস্ত্ৰসহ এজন যুৱক আটক হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

জানিব পৰা মতে যোৱা নিশা প্ৰায় ৮ বজাত নগাঁও-বটদ্ৰৱা-ধিং সংযোগী গড়কাপ্তানী পথৰ কদমনিত বটদ্ৰৱা থানাৰ আৰক্ষীয়ে নিয়মীয়াকৈ তালাচী চলাই থকাৰ সময়তে এ এছ-২১-ই ৩১১৩ নম্বৰৰ এখন পালচাৰ বাইকত অহা এজন যুৱকজনে আৰক্ষীক দেখা মাত্ৰকেই পলাবলৈ চেষ্টা কৰে। লগে লগে আৰক্ষীয়ে পলাবলৈ চেষ্টা কৰা যুৱক জনক পিছে পিছে খেদি গৈ কিছু নিলগত কৰায়ত্ত কৰিবলৈ সক্ষম হয়। 

আৰক্ষীয়ে আটক কৰা যুৱকজন ধিং থানাৰ এলেকাধীন বেছামাৰীৰ মাগুৰমাৰী গাঁৱৰ বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে। ধৃত যুৱকজনৰপৰা আৰক্ষীয়ে দুই জাঁই সক্ৰিয় গুলিসহ এটা পিষ্টল উদ্ধাৰ কৰাৰ লগতে বাইকখন জব্দ কৰে৷ ধৃত যুৱকজন বিভিন্ন অপৰাধমূলক কাৰ্যকলাপত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰাখিছে।