গুৱাহাটীঃ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে যোগাযোগৰ দিশ উন্নত কৰাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী সুৰেশ প্ৰভুৱে। আজি দিনৰ ১১ বজাত নাহৰলগুন ৰেলৱে ষ্টেশ্যনত নাহৰলগুন-গুৱাহাটী শতাব্দী এক্সপ্ৰেছখনৰ শুভাৰম্ভ কৰি কেন্দ্ৰীয় ৰেলমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ব্ৰডগজেৰে সংযোগ কৰাৰ বাবে এক অভিলাষী প্ৰকল্প কেন্দ্ৰ চৰকাৰে হাতত লৈছে।
ৰাজ্যকেইখনত যোগাযোগৰ দিশটো সবল কৰাৰ বিষয়টোক অগ্ৰাধিকাৰ দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দি কয় যে আগন্তুক পাঁচ বছৰৰ ভিতৰতে আটাইকেইখন ৰাজ্যকে ব্ৰডগজেৰে সংযোগ কৰা হ’ব। তদুপৰি এই পাঁচ বছৰৰ ভিতৰতে দেশত ৮.৫ লাখ কিলোমিটাৰ দৈৰ্ঘৰ ব্ৰডগজ স্থাপনৰ পৰিকল্পনাৰ কথাও কয় মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী সুৰেশ প্ৰভুৱে মুৰকংচেলেকৰ পৰা পাথৰিঘাটলৈ নতুন ব্ৰডগজৰ আধাৰশিলা স্থাপন কৰে আৰু শীঘ্ৰেই ৭ টাকৈ নতুন লাইনৰ বাবেও আঁচনি হাতত ল’ব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে।
অভিযান্ত্ৰিক তথা ট্ৰেফিক সমীক্ষা ইতিমধ্যে আৰম্ভ হোৱা লাইনকেইটা হৈছেঃ
- লেখাপানী-খাৰছাং (২৫ কি.মি.)
- ইটাখোলা-ছেইজোচা (১৮ কি.মি.)
- ডুমডুমা-নামছাই-ৱাক্ৰো (৯৬ কি.মি.)
- ডাংগ্ৰী-ৰইং (৬০ কি.মি.)
- ডেওমালি-নাহৰকটিয়া (২০ কি.মি.)
- লেখাপানী-মিয়াও-দেৱান (৭৫ কি.মি.)
- শিমলুগুৰি আৰু কানুবাৰী হৈ তিনিচুকীয়া-পাছিঘাট (৩০০ কি.মি.)
চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰতে এই সাতটা বিজি লাইনৰ সমীক্ষাৰ কাম সম্পুৰ্ণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে ৰেল মন্ত্ৰালয়ৰ ৰাজ্যিক দপ্তৰৰ মন্ত্ৰী ৰাজেন গোহাইয়ে। ২০১৪ বৰ্ষত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছতেই ৯০ হাজাৰ কোটি টকাৰ ৰেল প্ৰকল্প গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰি সুৰেশ প্ৰভুৱে কয় যে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ২৬ খনকৈ নতুন ৰেলগাড়ী চলাচল কৰা হৈছে।
এই নতুন প্ৰকল্পই উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক ক্ষেত্ৰখনত আমুূল পৰিৱৰ্তন সাধন কৰিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে। উদ্ধোধনী অনুস্থানত মুখ্য অতিথি ৰূপে উপস্থিত থকা অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে কয় যে ৰাজ্যকেইখনৰ কৃষি আৰু উদ্যান শস্যৰ বজাৰখনক ইয়ে শক্তিশালী কৰি তোলাত সহায় কৰিব৷