ডিজিটেল ডেস্কঃ এফালে ৰাষ্ট্ৰীয় গণতান্ত্ৰীক মৰ্চাৰ ফালৰপৰা দেশৰ সৰ্বোচ্চ সাংবিধানিক পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী ৰামনাথ কোবিন্দৰ সহজ বিজয়ৰ কথা স্পষ্ট হৈ পৰাৰ সময়তে আন এক বিজয়ৰ অংক কৰিছে মোদীৰ নেতৃত্বাধীন চৰকাৰখনে।
দেশৰ উপৰাষ্ট্ৰপতি পদৰ বাবে মোদীৰ ইংগিততে প্ৰক্ষেপিত বুলি ওলোৱা খবৰৰ ভিত্তিত প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী ভেংকয়া নাইডুৰ লগতে বিৰোধী প্ৰক্ষেপিত প্ৰাৰ্থী গোপাল কৃষ্ণ গান্ধীয়ে আজি নতুন দিল্লীত মনোনয়ন পত্ৰ দাখিল কৰিব। ৫ আগস্তত উপৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।
উল্লেখ্য যে কৃষকৰ সন্তান বুলি নৰেন্দ্ৰ মোদীয়ে আখ্যা দিয়া জেষ্ঠ নেতাগৰাকীয়ে আজি দিনৰ ১১ বাজি ৩৪ মিনিটত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অইন নেতৃস্থানীয় বিজেপি নেতাৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে।
মুঠ ৭৯০ সাংসদেৰে গঠিত ইলেক্টৰেল কলেজৰ সৰহভাগৰে সমৰ্থন নাইডুৰ ফালে আছে বুলি জানিব পৰা গৈছে। আনফালে ১৮ টাকৈ বিৰোধী দলৰ সমৰ্থন থকা গোপাল কৃষ্ণ গান্ধীৰ নাম ১১ জুলাই বিৰোধী দলৰ বৈঠকত গৃহীত হৈছিল।