♦ বাঁহজানী বৰ আজাৰাত সাংস্কৃতিক প্ৰকল্প আৰু মঞ্চৰ আধাৰশিলা স্থাপন
নলবাৰীঃ নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ বাঁহজানীৰ বৰআজাৰাত মঙলবাৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত সাংস্কৃতিক প্ৰকল্প আৰু সাংস্কৃতিক মঞ্চৰ আধাৰশিলা স্থাপন কৰা হয়।
আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেই। ইয়াৰ পাছতে এখন সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰী দলেই ভাষণ প্ৰদান কৰি কয় যে বাসন্তী খোলাৰ চান্দুকুছি বৰআজাৰাৰ এই সাংস্কৃতিক প্ৰকল্প আৰু মঞ্চই অঞ্চলটোত ধৰ্মীয় চেতনা, ভাতৃত্ববোধ, সংস্কৃতিৰ দিশত উল্লেখনীয় বৰঙনি আগবঢ়াব আৰু সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰবিন্দু হ’ব।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে সাংস্কৃতিক জগতখনৰ উত্তৰণৰ বাবে বিভিন্ন আঁচনি হাতত লৈ ৰূপায়ণৰ দিহা কৰা হৈছে বুলি তেওঁ দোহাৰে।
সভাত উদ্যোগ, বাণিজ্যিক আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ভাষণ প্ৰসংগত কয় যে অসমৰ জাতি, মাটি, ভেটি, সংস্কৃতি ৰক্ষা কৰিব পাৰিব একমাত্ৰ বি জে পি চৰকাৰ তথা দলেহে।
বিগত সময়ত কংগ্ৰেছকে ধৰি বহু চৰকাৰ হ’ল যদিও ৰাইজৰ সমস্যা সমাধান কৰিবলৈ ব্যৰ্থ হৈছে। ৰাইজে এতিয়া উপলব্ধি কৰিছে যে বি জে পি চৰকাৰৰ বাদে কোনেও অসমৰ সমস্যা সমাধান কৰিব নোৱাৰে। মাত্ৰ আভুৱা ভাঁৰি শাসন চলায়। ৰাইজে আশা কৰা ধৰণে বি জে পি চৰকাৰে কাম কৰি আছে আৰু কৰি থাকিব বুলি মন্ত্ৰী গৰাকীয়ে দোহাৰে।
সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা উপস্থিত থকাৰ উপৰি জিলা উপায়ুক্ত ভৰত ভূষণ চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়ায়। সাস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালিকা বৰ্ণালী শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে৷
গাম্ভীৰ্যপূৰ্ণ সভাখনত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাৰ লগতে জিলাখনৰ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।