দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিবেশনখন অহা ৭ জুলাইত এদিনীয়া কাৰ্যসূচীৰে চামতা প্ৰেছ ক্লাব প্ৰাগংনত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।
কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পৰিৱেশ প্ৰস্তুতি কৰনৰ পিছতে পতাকা উত্তোলণ, ছহিদ তৰ্পন, বন্তি প্ৰজ্বলন আৰু বৃক্ষ ৰোপন কৰা হ’ব। তাৰ পিছতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰ পিছৰ কাৰ্যসূচী অনুসৰি প্ৰবীণ সাংবাদিক এম হাচান আলীয়ে প্ৰতিনিধি সভা উদ্বোধন কৰিব।
বিয়লি প্ৰেছ ক্লাবৰ সভাপতি ৰমণী বৰ্মণৰ সভাপতিত্বত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব। সম্বৰ্ধনা অনুষ্ঠানটো উদ্বোধন কৰিব নলবাৰী জিলা সাংবাদিক সন্হাৰ সভাপতি ধ্ৰুৱজোত শৰ্মাই।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ জেষ্ঠ্য অধ্যাপক ডঃ অৱণী কুমাৰ ভাগৱতী আৰু সদৌ অসম সাংবাদিক সন্হাৰ (আজু) সাধাৰণ সম্পাদক নকুল তালুকদাৰে অংশ গ্ৰহণ কৰিব। উক্ত সভাতে বৰ্ষীয়ান সাংবাদিক, সাহিত্যক পেঞ্চনাৰ যাদব সেন ডেকা আৰু নলবাৰী জিলা সাহিত্য সভা প্ৰাক্তন সভাপতি সাহিত্যিক ডঃ খগেন ডেকাক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হ’ব।