নলবাৰীঃ ৰাজ্যত এতিয়া গড়কাপ্তানী পথৰ মৃত্যু ঘণ্টা বাজিছে এয়াই যে সত্য। নলবাৰী জিলাৰ হাজো-নলবাৰী পথৰ এলেংগীদলৰ মুল পথৰপৰা তিলানা সংযোগী পথটোৰ ভয়ংকৰ অৱস্থা দেখি মুৰে কপালে হাত দিছে ৰাইজে। 

বিগত দুদিনমানৰ বৰষুনৰ বাবেই পথটোৰ ৯০% পথ বোকাময় হোৱা বাবে দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চলাচল বন্ধ হৈ পৰিছে৷ যাৰ ফলত বেমাৰ হ’লে চাইকেল নাইবা সাঙি কৰি নিব লাগে ৰুগীক চিকিৎসালয়লৈ। ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ আছে যদিও পথটোৰ দুৰৱস্থাৰ বাবে আহিব নোৱাৰে যাৰ ফলত সংকটজনক ৰোগী হাস্পতালৈ নিব নোৱাৰি। এইদৰে দুৰৱস্থা পথটোৰে বিপদ সংকুলভাৱে চাইকেল আৰু বাইক চলাই যাতায়াত কৰিব লগা হৈছে পথচাৰীয়ে।

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি বিগত সময়ত পথটোৰ নিৰ্মান কৰা হৈছিল যদিও ঠিকাদাৰ বিষয়া ভাগ বতৰা কৰি সিংহভাগ হজম কৰে৷ জনপ্ৰতিনিধি গৰাকীয়ে নিজৰ মনপছন্দৰ ঠিকাদাৰক কামৰ দাযি়ত্ব দিয়া বাবে নিম্নমানৰ পথ নিৰ্মান কৰিলেও চকু মুদা কুলিৰ ভাও ধৰা বুলি ৰাইজে অভিযোগ কৰে৷ যাৰ ফলস্বৰূপে ইয়াৰ ফলত ৰাইজে তথা ছাত্ৰ-ছাত্ৰীসকলে যমৰ যাতনা ভুগিবলগা হৈছে। কিন্তু এই পৰ্যন্ত লৈ বিভাগীয় কৰ্তৃপক্ষই পথটো মেৰামতি কৰাৰ বাবে কোনো ব্যৱস্থা লোৱা নাই। 

এতিয়া যে মুখ্যমন্ত্ৰীৰ ধমককো কেৰেপ নকৰে গড়কাপ্তানী বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে ঠিকাদাৰসকলে এয়াই প্ৰমাণ কৰিছে। এয়াই হৈছে ৰাজ্যচৰকাৰখনৰ উন্নয়ন শ্ল’গানৰ প্ৰকৃত ছবি৷ ৰাইজে অভিযোগ কৰে যে উন্নয়নৰ বাবে দিয়া প্ৰতিশ্ৰুতি যেন পালন কৰিব পৰা নাই ৰাজ্য চৰকাৰে৷ মাথো ২ বছৰত সকলো দিশত উন্নয়ণ কৰা সম্ভৱ নহয় বুলি সময়ে সময়ে ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কে কৈ আহিছে৷ 

মুলত এই কথা পথ নিৰ্মাণৰ ক্ষেত্ৰ কৈ অহা পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰ খনে৷ কিন্তু দুই বছৰ ৰাজ্যৰ বাট-পথ নতুনকৈ নিৰ্মাণ কৰিব নোৱৰিলেও পথৰ গাত কেইটা মাৰিবলৈ কেইমাহ লাগিব বুলি ৰাইজে প্ৰশ্ন কৰা আৰম্ভ কৰিছে চৰকাৰখনক৷ ৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ ৭ নং পূৱ বাঁহজানী গাঁও পঞ্চায়ত অধীনৰ তিলানা পথৰ বাবে যমৰ যাতনা ভোগ কৰি অহা লোকে পথৰ গাত মাৰোতে কেইমাহ লাগিব বুলি প্ৰশ্ন উত্থাপন কৰে৷ 

এই পথটো মেৰামতিৰ অভাৱত এজাক বৰষুণত বোকা-পানীৰে গাড়ী মটৰ চলোৱাটো দূৰৰ কথা খোজকাঢ়িবলৈ অৱস্থা নোহোৱা হয়৷ পথটো পকী কৰাৰ বাবে স্থানীয় ৰাইজে স্থানীয় বিধায়কৰ লগতে চৰকাৰক আবেদন-নিবেদন জনাই আহিছে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ 

পঞ্চায়তক বহুবাৰ অৱগত কৰা পাছত কিছু বছৰ পূৰ্বে শিল ছটিয়াই দায়িত্ব সামৰে পঞ্চায়তৰ বিষয়া-কৰ্মচাৰীয়ে। প্ৰকাণ্ড পুখুৰী সদৃশ গাতৰ বাবে এতিয়া খোজকাঢ়িব নোৱাৰা হৈছে ৰাইজে। বিধায়কজনক বহুবাৰ পথটো সন্দৰ্ভত অৱগত কৰা পাছতো বিধায়কজনে বৰ্তমানলৈকে গুৰুত্ব আৰোপ কৰা নাই৷ বিধান সভা নিৰ্বাচনৰ সময়ত প্ৰচাৰ কৰিব অহাৰ সময়ত দেখা পোৱা বিধায়জনক নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত চেহেৰাই দেখি পোৱা নাই বুলি ক্ষোভ উজাৰে। এজাক বৰষুণতে পথটোৰ অৱস্থা অতি শোচনীয় হোৱাৰ ফলত বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে স্থানীয় ব্যৱসায়ী-চাকৰিয়াল আদিয়ে হাৰাশাস্তি ভোগ কৰি আহিছে স্থানীয় ৰাইজে৷