নলবাৰীঃ পৰিৱৰ্তনৰ কথা আওৰোৱা বিপাশা দাস নেতৃত্বাধীন নলবাৰী পৌৰসভাৰ ব্যৰ্থতাৰ বাবেই নলবাৰী চহৰ জলমগ্ন হৈ পৰাৰ ৰাজহুৱা অভিযোগ উঠিছে।
যোৱা নিশাৰ বৰষুণতে নলবাৰী চহৰৰ বিভিন্ন পথ জলমগ্ন হৈ পৰিছে। ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰী, চৰকাৰী কৰ্মচাৰীকে ধৰি ৰাইজে অহা-যোৱা কৰাত চৰম যাতনা ভুগিব লগা হোৱাত ৰাইজে নলবাৰী পৌৰসভাক ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে।
ৰাইজৰ অভিযোগ মতে নলবাৰী পৌৰসভা চলোৱা পৌৰপতি বিপাশা দাসসহ পৌৰসভাৰ বিষয়া-কৰ্মচাৰীৰ অদক্ষতাৰ বাবেই এতিয়া ৰাইজে এনে সমস্যা ভোগ কৰিবলগীয়া হৈছে। ইফালে নলবাৰী চহৰৰ কৃত্ৰিম বানপানী সন্দৰ্ভত বিভিন্নজনে কয় যে খৰালি মাহতে চহৰখনৰ নলাসমূহ চাফ-চিকুণ নকৰাৰ ফলত সাধাৰণ বৰষুণতে নলবাৰী চহৰ জলমগ্ন হৈ পৰিছে।
কিন্তু ৰাইজৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাই বিগত তিনিটা বছৰে বিজেপি শাসিত তথা বিপাশা দাস নেতৃত্বাধীন নলবাৰী পৌৰসভাই অনভিজ্ঞতা আৰু মুনাফাৰ বাবে লোৱা আঁচনিৰ ফলত এতিয়া সাধাৰণ এজাক বৰষুণতে চহৰখনৰ ৰাইজে অভিযোগ কৰি কয় যে বিপাশা দাস নেতৃত্বাধীন নলবাৰী পৌৰসভাৰ একাংশ কৰ্ম-কাণ্ডৰ ফল এয়া বুলি মন্তব্য কৰে।
উল্লেখ্য যে বিপাশা দাস নেতৃত্বাধীন নলবাৰী পৌৰসভাৰ বিভিন্ন অমনোযোগিতাৰ বাবে এনে হোৱা বুলি ক্ষোভ উজাৰিছে নলবাৰী চহৰবাসীয়ে৷ শনিবাৰে পুৱাৰ পৰা হাজো পথ, বড়ো মহজিদ হৈ পুৰণি মেডিকেল, কলেজ ৰোড, নলবাৰী বজাৰ, গোপাল বজাৰ, নলবাৰী কলেজ হৈ পূব নলবাৰীলৈ যোৱা পথসহ প্ৰায় চহৰৰখনৰ আটাইবোৰ পথে জলমগ্ন হৈ পৰে৷ এই ক্ষেত্ৰত জনপ্ৰতিনিধিক ৰাইজে ধিক্কাৰ জনাইছে৷