নামতিঃ যেন আইপিএলৰ হে সংস্কৰণ৷ হয়, শিৱসাগৰ জিলাৰ নামতিৰ কথাকে কৈছো৷ আইপিএললৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ক্ৰিকেটৰ জ্বৰত ডুব গ’ল উজনিৰ ঐতিহ্যমণ্ডিত নামতি৷

যোৱা ২৩ মাৰ্চৰ পৰা নামতিত অনুষ্ঠিত হোৱা মেগা দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা মুম্বাই এফচিৰ খেলুৱৈ প্রাঞ্জল ভূমিজে উদ্ধোধন কৰিছিল৷ ৰাজ্যৰ ৪০টা দলে অংশ গ্ৰহণ কৰিছিল প্ৰতিযোগিতাত৷ শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত নামতিৰ ৰাইজে প্ৰতিখন খেল উপভোগ কৰিবলৈ ভৰি পৰিছিল খেল পথাৰ৷

শিৱসাগৰ জিলাৰ নামতি চাৰিআলিৰ যুৱ সমাজে আয়োজন কৰা দিবা-নৈশ মেগা প্রাইজমাণি ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেল খন ২৯ মাৰ্চৰ নিশা অনুষ্ঠিত হৈ যায়৷ চূড়ান্ত খেল খন উপভোগ কৰে হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীয়ে। 

নামতি চাৰিআলি হাইস্কুল খেলপথাৰত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আৰু আতচবাজী ফুটুৱাই আৰম্ভ হয় চূড়ান্ত খেলখন। খেলখনত টিয়ক ফুড ভিলা ক্ৰিকেট দলে প্রথমে বেট ধৰি ৫টা উইকেটৰ বিনিময়ত গেলেকীৰ এমএছ-১১ দলক ৮৫ ৰানৰ টাৰ্গেট দিয়ে৷

এমএছ-১১ দলে ১০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ৫০ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়। ফলত মেগা প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে টিয়ক ফুড ভিলা ক্ৰিকেট দলে৷ 

খেলখনত মেন অৱ দ্যা মেচ লাভ কৰে টিয়ক ফুড ভিলা ক্ৰিকেটাৰ কানাইয়া বাচফৰে আৰু মেন অৱ দ্যা চিৰিজ এখন Hero xtreme মটৰ চাইকেল লাভ কৰে টিয়ক ফুড ভিলা ক্ৰিকেট দলৰ ক্ৰিকেটাৰ ডেভিদ গগৈয়ে।