বালিপাৰাঃ শোণিতপুৰৰ ৰঙাপৰাত এন ডি এফ বি(সং)ৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে অসম আৰক্ষী৷ সেনাৰ সৈতে যুটীয়াভাৱে চলোৱা এই অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে৷

অভিযানকাৰী দলটোৱে অত্যন্ত দুৰ্গম অঞ্চল দীপাঞ্জলী পাহাৰত এন ডি এফ বিৰ শিবিৰ এটাও উৎখাত কৰে৷ জানিব পৰা মতে, দীপাঞ্জলী পাহাৰত এন ডি এফ বিৰ  কেইজনমান  সদস্য অতি গোপনে বাহৰ পাতি শিবিৰ স্থাপন কৰা এক তথ্য লাভ কৰিছিল আৰক্ষী আৰু সেনাই৷

উক্ত তথ্যৰ ভিত্তিত কালি পুৱাৰে পৰা অাছাম ৰাইফলছ, কোব্ৰা আৰু আৰক্ষীৰ এটা বৃহৎ দলে যুটীয়া ভাৱে দীপাঞ্জলী পাহাৰত অভিযান চলায়৷

অভিযানকাৰী দলটোৱে এটা শিবিৰ উৎখাত কৰাৰ লগতে শিবিৰটোৰ পৰা এটা হস্ত নিৰ্মিত বন্দুক, এটা থ্ৰী নট থ্ৰী ৰাইফল, এটা মেগজিন, এটা হস্ত নিৰ্মিত পিষ্টল,এটা হেণ্ড গ্ৰেনেড, ২৯ ৰাউণ্ড থ্ৰী নট থ্ৰী সজীৱ গুলী, ১৩ ৰাউণ্ড ৭'৬২ এম এম এছ এল আৰৰ সজীৱ গুলী, ৮ ৰাউণ্ড নাইন এম এম পিষ্টলৰ সজীৱ গুলী, ৬ খন চাইকেল, প্ৰাথমিক চিকিৎসাৰ ঔষধ, বেজীকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী উদ্ধাৰ কৰে৷

শিবিৰটোত উগ্ৰপন্থী সংগঠনটোৰ বহুকেইজন সদস্য থকাৰ লগতে হাতত অত্যাধুনিক মাৰণাস্ত্ৰ থকা বুলি সেনা আৰু আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ অৱশ্যে অভিযান চলোৱাৰ উমান পাই উগ্ৰপন্থী সদস্যকেইজনে উক্ত স্থানৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।