লালুকঃ নীপকোৱে এৰা অতিৰিক্ত পানীয়ে কাল হ'ল উত্তৰ অসমৰ বাবে৷ নীপকোৰ অতিৰিক্ত পানীয়ে লখিমপুৰৰ নাওবৈছাৰ গেন্ধালিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ খহাই নিয়াৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ মাজত৷
অতিৰিক্ত পানী এৰাৰ ফলত ৰঙা নৈৰ বাঢ়নী পানীয়ে এটা পকী কাৰ্লভাট উটুৱাই নিয়াৰ ফলত যোৱা ৩০ ঘন্টা ধৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোগাযোগ বিচ্ছিন্ন হৈ আছে৷ যোগাযোগ বিছিন্ন হৈ পৰিছে উত্তৰ অসমৰ অন্যান্য প্ৰান্ত আৰু লখিমপুৰৰ মাজত৷ লখিমপুৰ জিলা প্ৰশাসনৰ তৎপৰতাত নাওবৈচাৰ গেন্ধালিৰ ছিঙা অংশত যোৰা লগোৱাৰ বাবে মেৰামতি চেষ্টা অব্যাহত আছে যদিও এই পৰ্যন্ত সফল হ'ব পৰা নাই৷
♦ নাওবৈছাৰ গেন্ধালিত উটুৱাই নিলে ৰাষ্ট্ৰীয় ঘাইপথ
♦ আৱদ্ধ অৰুণাচল অভিমুখী শ শ যান-বাহন
♦ বানাক্ৰান্ত ৰাইজৰ হাহাকাৰ, গৃহহীন লক্ষাধিক
উত্তৰ অসমৰ লগত যোগাযোগ বিছিন্ন হোৱাৰ ফলত কাষৰীয়া অৰুণাচল প্ৰদেশৰ শ শ যান-বাহন আবদ্ধ হৈ পৰিছে ৰাজপথত৷ যুদ্ধকালীন তৎপৰতাৰে প্ৰশাসনৰ যাতায়ত সুচল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানেও সফল হ’ব পৰা নাই প্ৰশাসন৷ নাওবৈছাৰ গেন্ধালিৰ ছিঙা অংশত শিল বালি পেলাই যাতায়তৰ সূচল কৰাৰ চেষ্টা চলাইছে প্ৰশাসনে৷
মেৰামতি কাৰ্যত জিলা উপায়ুক্ত বৰুণ ভূঞাঁ, লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী নৱ কুমাৰ দলে উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে৷ প্ৰতিকূল বতৰৰ মাজতে ব্যাপক তৎপৰতাৰে মেৰামতিৰ কাম আগবাঢ়িছে৷ লখিমপুৰ জিলা প্ৰশাসনৰ তৎপৰতাত ৰাইজেও সহায় আগবঢ়ায়৷
পুৱাৰে পৰা ৰাইজে সমবেত হৈ প্ৰশাসনক সহায় কৰাৰ লগতে দূৰণিবটীয়া যাত্ৰীক সহায় কৰে৷ ডিক্ৰঙৰ সুৰংগত পানী সিঁচা মেচিন বিকল হোৱাৰ ফলত চাৰিখনকৈ গেটেৰে ৰঙা নৈত নীপকোৱে অতিৰিক্ত পানী এৰাৰ ফলত ৰবিবাৰৰ সন্ধিয়াৰ পৰাই ৰঙা নৈৰ দলঙেৰে গধুৰ যানবাহনৰ চলাচল বন্ধ কৰিবলগীয়া হয় জিলা প্ৰশাসনে৷ জিলা প্ৰশাসনে সকলো ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনােৱাৰ কিছু সময় পাছতে লখিমপুৰৰ জৈনপুৰত ৰঙা নৈৰ মথাউৰি ছিঙি প্লাবিত হয় বহু অঞ্চল৷
নিশা মথাউৰি ছিঙাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় যদিও এন্ধাৰৰ বাবে উদ্ধাৰ অভিযানত ব্যঘাত জন্মে৷ ইফালে তৰাজুলি, পইতাপাৰ, বাৰমাইল, গড়মূৰ, পদুমণি, পুখুৰীপৰীয়া, লাচিত ক্ষেত্ৰ, পাভ মথাউৰী, গাভৰু টুনিজান, পদ্মপুৰ মিচিং, বালিগাওঁ, কণগাড়ী চুবুৰী, গড়মূৰ খ্ৰীষ্টান, সোনাপুৰ, ফেনখাটি, গোবিন্দপুৰ, ডুবি, ওৱাহাট আদি অঞ্চলৰ ৰাইজৰ ঘৰ-বাৰী পানীয়ে বুৰাই পেলােৱাৰ পিছতো প্ৰশাসনে খবৰ লোৱা নাছিল৷
নীপকোৱে চাৰিখনকৈ গেটেৰে ধাৰাবাহিক ভাবি পানী এৰি থকাৰ ফলত ৰঙা নৈৰ জলস্তৰ বৰ্তমানেও হ্ৰাস পোৱা নাই৷ ফলত এতিয়াও শংকা মুক্ত নহয় লখিমপুৰ জিলা৷ লখিমপুৰ জিলা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি নীপকোৱে কোনো ধৰণৰ জাননী নিদিয়াকৈ পানী এৰি থকাত ৰাইজে তীব্ৰ শংকাৰ মাজেৰে সময় পাৰ কৰিবলগীয়া হৈছে।
লগতে বাঢ়নী পানীৰ ফলত লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিদ্যুত সেৱা কৰ্তন কৰি ৰাখিছে৷ আনহাতে নাওবৈছাৰ গেন্ধালিত এটা কালৰ্ভাট ছিঙি নিয়াৰ লগতে ১০ মিটাৰ দূৰত্বত অন্য এটাৰো কিছু অংশ ভাঙি পেলায়৷ এনেদৰে এতিয়া নীপকোৱে এৰি দিয়া অতিৰিক্ত পানীয়ে সংহাৰ ৰূপ ধাৰণ কৰিছে সমগ্ৰ উত্তৰ অসমত।