ডিজিটেল ডেস্কঃ বছৰৰ শেষত পুনৰ নতুন মিছনৰ দিশে আগুৱাইছে কেন্দ্রীয় চৰকাৰ। আন্তর্জাতিক গুণমান নির্ধাৰণকাৰী সংস্থা মুডিজৰ বিচাৰত ভাৰতৰ উত্তৰণৰ পিছতেই নতুন লক্ষ্যৰ উদ্দেশ্যে যাত্রা কৰিবলৈ আগবাঢ়ীছে মোডী চৰকাৰ। ‘১ বিলিয়ন-১ বিলিয়ন-১ বিলিয়ন’-কৈ পাখিৰ পিছত ধৰি আগুৱাইছে দেশ। 

লগতে স্পষ্ট কৰি কয় যে, ১০০ কোটি ইউনিক আধাৰ নম্বৰৰ লগত ১০০ কোটি বেংক একাউন্ট তথা ১০০ কোটি মোবাইল নম্বৰ সংযুক্ত কৰা হ’ব। চৰকাৰী মহলৰ দাবী তীব্ৰতাৰে কার্যকৰী হ’ব এই "1 plus 1 plus 1" নিয়ম। যদিও এই পৰ্যন্ত কোনো নির্দিষ্ট দিন স্থিৰ হোৱা নাই, তথাপিও আর্থিক তথা ডিজিটেল মূলধাৰাৰ বিস্তৃতিত এই নতুন পদক্ষেপ নিসন্দেহে অত্যন্ত উল্লেখযোগ্য।

GST, আধাৰ কাৰ্ড আৰু বিমুদ্রাকৰণ লৈ নৰেন্দ্র মোডীৰ চৰকাৰে অনেক কঠিন পথ পাৰ কৰিলেও মুডিজৰ স্বীকৃতিৰ পিছত মোডী চৰকাৰে আহিবলগীয়া দিনত যে অর্থনীতিৰ ক্ষেত্ৰত আৰু স্বচ্ছ কৰাৰ কাৰণে নির্দিষ্ট পদক্ষেপ কৰিব সেয়া সহজেই অনুমেয়।