internet

newsnextone.com | ডিজিটেল ডেস্কঃ পিতৃ-মাতৃ হৈছে মাটিৰ ইশ্বৰ৷ ক’ত যন্ত্ৰণাৰ জুই নিজৰ বুকুত জ্বলিবলৈ দি সন্তানৰ হিতৰ বাবে প্ৰাৰ্থনা কৰে তেওঁলোকে৷ নিজে নাখাই, নিজে নিপিন্ধি, মাথো সন্তানৰ চিন্তাত পাৰ কৰে এটি এটি পল৷ তেওঁলোকেই পিতৃ-মাতৃ৷ যাৰ অবিহনে শৈশৱবোৰ নিস্তেজ হৈ পৰে৷

কিন্তু সন্তান যেতিয়া ডাঙৰ হয়, এদিন বুকুৰ আঁচলেৰে বান্ধি ৰখা নিজৰ মাতৃয়ে সন্তানৰ বুকুত স্থান নাপায়৷ ৰ’দ বৰষুণ নসাৎ কৰি সন্তানৰ পচন্দৰ চোলাটো বা পুতলাটো আনি দিয়া পিতৃৰ মূল্য শূণ্য হৈ পৰে তেতিয়া৷ ‘ডাঙৰ’ হোৱা অনেক সন্তানৰ মনত তেতিয়া পিতৃ-মাতৃ মাথো একোটা বৃদ্ধ বোজাৰ বাহিৰে আন একো নহয়৷ 

নিজৰ বৃদ্ধ পিতৃ-মাতৃক অসহায় অৱস্থাত এৰি দিয়া সন্তানৰ শাস্তি ৩ মাহৰ পৰা ৬ মাহলৈ বৃদ্ধ কৰিবলৈ ওলাইছে কেন্দ্ৰীয় চৰকাৰে৷ পিতৃ-মাতৃ তথা জ্যেষ্ঠ নাগৰিকৰ চোৱাচিতা আৰু কল্যান আইন, ২০১৭ৰ সংশোধন কৰি সমাজ ব্যৱস্থাত পৰিবৰ্তন আনিবলৈ প্ৰয়াস কৰিছে সামাজিক ন্যায়বিচাৰ তথা ক্ষমতায়ন মন্ত্ৰণালয়ে৷ 

মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াই কয় যে সন্তানৰ পৰিভাষা সলনি কৰিবলৈ ন্যায়ালয়ত আবেদন কৰা হৈছে৷ আইনখনত নিজা সন্তান আৰু নাতি-নাতিনীয়ে জ্যেষ্ঠ নাগৰিকৰ চোৱাচিতাৰ দায়িত্ব গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছিল৷ কিন্তু আইনখন সংশোধন কৰি বৰ্তমান তোলনীয়া সন্তান, জোঁৱাই, বোৱাৰী, নাতি-নাতিনী সকলোকো অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন কৰা হৈছে বুলি মন্ত্ৰণালয়ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷ 

মন্ত্ৰণালয়ে পিতৃ-মাতৃ আৰু জ্যেষ্ঠ নাগৰিক সকলৰ কাৰণে সমাজ কল্যান আইন-২০১৮ৰ পৰিৱৰ্তনসূচী প্ৰস্তুত কৰি উলিয়াইছে৷ এই আইন অনুসৰি বৃদ্ধ পিতৃ-মাতৃৰ তদাৰকৰ বাবদ সন্তানে মাহিলী ১০ হাজাৰ টকাকৈ প্ৰদান কৰিব লাগিব৷ 

কোনো সন্তানে যদি পিতৃ-মাতৃৰ চোৱাচিতাৰ বাবে ৰাজী নহয়, তেন্তে সন্তানৰ বিৰুদ্ধে পিতৃ-মাতৃয়ে আদালতত গোচৰ ৰুজু কৰিব পাৰে৷ আনহাতে দেশৰ এক সমীক্ষাত প্ৰকাশ পোৱা মতে, বৃদ্ধ পিতৃ-মাতৃয়ে সন্তানৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ চৰকাৰী সংখ্যা যিমান, তাতকৈও বেছি অভিযোগ উত্থাপন কৰাই নহয়৷ পিতৃ-মাতৃৰ সন্তানপ্ৰীতি তথা সামাজিক লাঞ্চনা-বঞ্চনাৰ ভয়ত বহু পিতৃ-মাতৃয়ে সন্তানে কৰা অৱহেলাৰ পিছতো সন্তানৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল নকৰে৷

হেল্প-এজ ইণ্ডিয়া আলোচনীৰ মতে দেশৰ অধিক সংখ্যক জ্যেষ্ঠ নাগৰিকেই ৰাজহুৱা স্থানত অপমানিত হ’বলগীয়া হয়৷ সমীক্ষা মতে, দেশৰ ৪৪ শতাংশ বৃদ্ধ পুৰুষ-মহিলাই ঘৰৰ বাহিৰত সামাজিক লাঞ্চনাৰ বশবৰ্তী হয়৷ ইয়াৰ বিপৰীতে তেওঁলোক নিজৰ পৰিয়ালৰ দ্বাৰাও অৱহেলিত আৰু প্ৰতাড়িত হয়৷ 

উল্লেখ্য যে, ইউপিএ চৰকাৰৰ সময়তে পিতৃ-মাতৃক চোৱাচিতা নকৰা সন্তানক কাৰাবাস প্ৰদান কৰাৰ নিয়ম গঢ়ি তোলা হৈছিল৷ এই কাৰাবাস পূৰ্বৰ ৩ মাহৰ পৰা ৬ মাহলৈ বৃদ্ধিৰ বাবে আলোচনা চলোৱা হৈছে৷ আনহাতে চৰকাৰৰ সিদ্ধান্ত মৰ্মে, পিতৃ-মাতৃৰ দায়িত্ব গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা সন্তানে পিতৃ-মাতৃক মাহে ১০০০০ টকাকৈ মাহিলী ভাট্টা প্ৰদান কৰিব লাগিব৷