বিশেষ প্ৰতিবেদনঃ নৱনিৰ্মিত সংসদ ভৱনৰ উদ্বোধনক অব্যাহত আছে বিতৰ্ক। ১৯টাকৈ বিৰোধী দলে উদ্বোধনী অনুষ্ঠান বৰ্জনৰ ঘোষণা কৰাৰ মাজতে এয়া নিশ্চিত হৈছে যে ২৮ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই উদ্বোধন কৰিব নতুন সংসদ ভৱনটো।
কংগ্ৰেছকে ধৰি ১৯টা বিৰোধী দলৰ দাবী আছিল- দেশৰ সৰ্বোচ্চ সাংবিধানিক পদটোৱেই হৈছে ৰাষ্ট্ৰপতিৰ। সেয়ে প্ৰধানমন্ত্ৰীৰ দ্বাৰা নহয়, নতুন সংসদ ভৱনৰ উদঘাটন কৰা হওক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা। এনে কাৰণতে বিৰোধী দলসমূহে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান বৰ্জন কৰাৰো ঘোষণা কৰিছে।
নতুন সংসদ ভৱনক লৈ চলি থকা ৰাজনৈতিক চৰ্চাৰ উপৰিও আন বহু প্ৰশ্নৰ উত্তৰৰ সন্ধান কৰিছে নেটিজেনে। নতুন সংসদ ভৱন কেনেকুৱা হ’ব, কিয় প্ৰয়োজন হৈছিল, কোনে নিৰ্মাণ কৰিছিল, নতুন সংসদ ভৱনলৈ সদনৰ কাম-কাজ স্থানান্তৰ কৰাৰ পিছত পুৰণি সংসদ ভৱনৰ কি হ’ব আদি অলেখ প্ৰশ্নৰ উত্তৰ বিচাৰি গুগল চলাথ কৰিছে নেটিজেনে।
কিয় প্ৰয়োজন হৈছিল নতুন সংসদ ভৱনৰ?
চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছে নতুন সংসদ ভৱন। এই সমগ্ৰ প্ৰকল্পৰ বাবে ২০ হাজাৰ কোটি টকা খৰচ কৰা হৈছে। আচলতে ৰাজপথৰ ওচৰৰ অঞ্চলটোক চেণ্ট্ৰেল ভিষ্টা বুলি কোৱা হয়, য’ত ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেটৰ ওচৰৰ প্ৰিন্সেছ পাৰ্কৰ অঞ্চলটোও অন্তৰ্ভুক্ত কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱন, সংসদ, উত্তৰ ব্লক, দক্ষিণ ব্লক, উপ-ৰাষ্ট্ৰপতিৰ ঘৰটোও চেণ্ট্ৰেল ভিষ্টাৰ অধীনলৈ আহে।
পুৰণি সংসদ ভৱনটো প্ৰায় ১০০ বছৰ পুৰণি। কেন্দ্ৰীয় চৰকাৰে কয় যে বৰ্তমানৰ সংসদ ভৱনত সাংসদ বহিবলৈ পৰ্যাপ্ত ঠাই নাই। চৰকাৰে নতুন সংসদ ভৱনৰ প্ৰয়োজনীয়তা সম্পৰ্কে কৰা মন্তব্যত স্পষ্ট কৰি দিয়া মতেঃ
আসনৰ অভাৱঃ বৰ্তমান লোকসভাৰ আসনৰ সংখ্যা ৫৪৫ খন। ১৯৭১ চনৰ লোকপিয়লৰ ভিত্তিত কৰা সীমা নিৰ্ধাৰণৰ ভিত্তিত এই আসনৰ সংখ্যাৰ বৰ্তমানলৈকে কোনো পৰিৱৰ্তন হোৱা নাই। আসনৰ সংখ্যাৰ ওপৰত এই স্থিৰতা ২০২৬ চনলৈকে থাকিব যদিও তাৰ পিছত আসন বৃদ্ধিৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত নৱনিৰ্বাচিত সাংসদসকলৰ বাবে পৰ্যাপ্ত ঠাইৰ অভাৱ হ’ব।
আন্তঃগাঁথনিঃ চৰকাৰে কয় যে স্বাধীনতাৰ পূৰ্বে সংসদ ভৱন নিৰ্মাণৰ সময়ত নলাৰ লাইন, এয়াৰ কণ্ডিচনাৰ, অগ্নিনিৰ্বাপক, চিচিটিভি, অডিঅ’-ভিডিঅ’ চিষ্টেমৰ দৰে বস্তুৰ বিশেষ যত্ন লোৱা হোৱা নাছিল। পৰিৱৰ্তিত সময়ৰ লগে লগে সংসদ ভৱনত সেইসমূহ সুবিধা সংযোজন কৰা হ’ল যদিও ইয়াৰ বাবেই অট্টালিকাটোত আৰ্দ্ৰতাৰ দৰে সমস্যাৰ সৃষ্টি হৈছে আৰু গৰমৰ আশংকা বৃদ্ধি পাইছে।
নিৰাপত্তাঃ প্ৰায় ১০০ বছৰ আগতে যেতিয়া সংসদ ভৱন নিৰ্মাণ কৰা হৈছিল তেতিয়া দিল্লী ভূমিকম্পীয় জ’ন-২ত আছিল। কিন্তু এতিয়া দিল্লী ভূমিকম্পীয় জ’ন-৪ত উপনীত হোৱাত পুৰণি ভৱনটো যিকোনো সময়ত ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে।
কৰ্মচাৰীৰ বাবে ঠাইৰ অভাৱঃ সাংসদৰ বাহিৰেও সংসদত কাম কৰা শ শ কৰ্মচাৰী আছে। নিত্য বৃদ্ধি পোৱা চাপৰ বাবে সংসদ ভৱনত যথেষ্ট ভিৰ হৈছে।
পুৰণি সংসদ ভৱনতকৈ নতুন সংসদ ভৱন কিমান পৃথক?
সংসদত থকা লোকসভা ভৱন জাতীয় পক্ষী ময়ূৰ আৰু ৰাজ্যসভা জাতীয় ফুল পদুমৰ আৰ্হিত ডিজাইন কৰা হৈছে। ইয়াৰোপৰিও পুৰণি লোকসভাত সৰ্বাধিক ৫৫২ জন ব্যক্তি বহিব পাৰে। কিন্তু নতুন লোকসভা ভৱনত ৮৮৮খন আসনৰ ক্ষমতা আছে।
একেদৰে পুৰণি ৰাজ্যসভা ভৱনত ২৫০ জন সদস্যৰ আসনৰ ক্ষমতা থকাৰ বিপৰীতে নতুন ৰাজ্যসভা ভৱনৰ ক্ষমতা ৩৮৪ জনলৈ বৃদ্ধি কৰা হৈছে। নতুন সংসদ ভৱনৰ যৌথ অধিৱেশনৰ সময়ত তাত ১২৭২ জন সদস্য একেলগে বহাৰ সুবিধা ৰখা হৈছে।
পুৰণি ভৱনৰ তুলনাত কি নতুনত্ব নতুন সংসদ ভৱনৰ?
বিষয়াসকলৰ মতে, নতুন ভৱনটোত সকলো সাংসদক সুকীয়াকৈ কাৰ্যালয় দিয়া হ’ব, য’ত ‘কাগজবিহীন কাৰ্যালয়’ৰ লক্ষ্যৰ দিশত আগবাঢ়ি যাবলৈ আধুনিক ডিজিটেল সুবিধা থাকিব। নতুন ভৱনটোত ভাৰতৰ গণতান্ত্ৰিক ঐতিহ্যক চিত্ৰিত কৰা হ’ব। নতুন সংসদ ভৱনত এক সংবিধান প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব য’ত ভাৰতৰ সংবিধানৰ মূল প্ৰতিলিপিও ৰখা হ’ব।
লগতে সাংসদসকলে বহিব পৰাকৈ এটা বৃহৎ হল, পুথিভঁৰাল, সমিতিৰ বাবে কেইবাটাও কোঠা, ডাইনিং ৰুম আৰু পাৰ্কিং স্থানৰ প্ৰচুৰ ব্যৱস্থা থাকিব। এই সমগ্ৰ প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰ ৬৪,৫০০ বৰ্গমিটাৰত বিস্তৃত। নতুন সংসদৰ আয়তন বৰ্তমানৰ সংসদ ভৱনতকৈ ১৭ হাজাৰ বৰ্গমিটাৰ বেছি।
কি হ’ব পুৰণি সংসদ ভৱনটোৰ?
ব্ৰিটিছ স্থপতিবিদ ছাৰ এডউইন লুটিয়েন্স আৰু হাৰ্বাৰ্ট বেকাৰে ‘কাউন্সিল হাউচ’ হিচাপে ডিজাইন কৰিছিল পুৰণি সংসদ ভৱনৰ। ইয়াক নিৰ্মাণ কৰিবলৈ ছবছৰ (১৯২১-১৯২৭) সময় লাগিছিল। সেই সময়ত ব্ৰিটিছ চৰকাৰৰ বিধান পৰিষদে এই ভৱনটোত কাম কৰিছিল। সেই সময়ত ভৱনটোৰ নিৰ্মাণৰ বাবে ৮৩ লাখ টকা খৰচ কৰাৰ বিপৰীতে আজি নতুন ভৱন নিৰ্মাণত প্ৰায় ৮৬২ কোটি টকা ব্যয় কৰা হৈছে।
ভাৰত স্বাধীন হোৱাৰ সময়ত ‘কাউন্সিল হাউছ’ক সংসদ ভৱন হিচাপে গ্ৰহণ কৰা হৈছিল। চৰকাৰী সূত্ৰই সদৰী কৰা মতে, বৰ্তমানৰ পুৰণি সংসদ ভৱনটো বিভিন্ন সংসদীয় অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হ’ব।
কোনে নিৰ্মাণ কৰিছে নতুন সংসদ ভৱন?
নতুন সংসদ ভৱনৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছে টাটা প্ৰজেক্টছ লিমিটেডে। ২০২০ চনৰ ছেপ্টেম্বৰ মাহত কোম্পানীটোৱে ৮৬১.৯০ কোটি টকাৰ নিবিদা দি এই চুক্তি লাভ কৰিছিল। নতুন সংসদ ভৱনটো চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অংশ। এই প্ৰকল্পৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে গুজৰাটৰ স্থাপত্য প্ৰতিষ্ঠান এইচ চি পি ডিজাইনছে।
কেন্দ্ৰীয় ৰাজহুৱা কৰ্ম বিভাগে (চিপিডব্লিউডি) সংসদ, কমন চেণ্ট্ৰেল সচিবালয় আৰু চেণ্ট্ৰেল ভিষ্টাৰ উন্নয়নৰ বাবে পৰামৰ্শদাতা কামটো ২০১৯ৰ অক্টোবৰ মাহত এইচচিপি ডিজাইন, প্লেনিং এণ্ড মেনেজমেণ্টক প্ৰদান কৰিছিল।
এই কোম্পানীটোৱে চেণ্ট্ৰেল ভিষ্টা এলেকাৰ মাষ্টাৰ প্লেন আৰু নতুন প্ৰয়োজনীয়তা অনুসৰি অট্টালিকাসমূহৰ ডিজাইনৰ কামত জড়িত হৈ পৰিছে। ইয়াৰ বাবে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত চিপিডব্লিউডিয়ে পৰামৰ্শদাতা নিযুক্তিৰ নিবিদা উলিয়াইছিল। কনচালটেন্সিৰ বাবে ২২৯.৭৫ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছিল। এই নিবিদাত এইচ চি পি ডিজাইনে জয়লাভ কৰে।
গুজৰাটৰ গান্ধীনগৰত চেণ্ট্ৰেল ভিষ্টা আৰু ৰাজ্যিক সচিবালয়, আহমেদাবাদৰ সাবৰমতী ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট, মুম্বাই বন্দৰ কমপ্লেক্স, বাৰাণসীৰ মন্দিৰ কমপ্লেক্স পুনৰ উন্নয়ন, আই আই এম আহমেদাবাদৰ নিউ কেম্পাছ ডেভেলপমেণ্ট আদি প্ৰকল্পৰ পূৰ্বৰ অভিজ্ঞতা আছে এইচ চি পি ডিজাইনৰ।
ক'ভিড মহামাৰীৰ সময়তো চলিছিল নিৰ্মাণ কাৰ্য
সীমিত ঠাই, পুৰণি আন্তঃগাঁথনি, অত্যাধুনিক সা-সুবিধাৰ অভাৱ আদি কাৰণত পুৰণিক বিদায় দি নতুন সংসদ ভৱনৰ প্ৰয়োজনীয়তাৰ কথা সকলোৱে অনুভৱ কৰিছে। কিন্তু এই নতুন সংসদ ভৱনৰ নিৰ্মাণ কাৰ্য তেতিয়া আৰম্ভ কৰা হৈছিল যেতিয়া গোটেই বিশ্বৰ লগতে সমগ্ৰ ভাৰতেই ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিছিল। গোটেই দেশত তেতিয়া ৰাতিটোৰ ভিতৰতে ঘোষণা কৰা হৈছিল অপৰিকল্পিত লকডাউন। হাস্পতালত পৰ্যাপ্ত অক্সিজেনৰ অভাৱত মৃত্যুক সাৱটিছিল ক’ভিড ৰোগীয়ে।
ঘৰৰ পৰা বাহৰিলৈ ওলাব নোৱাৰি এসাজ খাই আনসাজ ভাতৰ বাবে চিন্তা কৰিবলগীয়া হৈছিল সাধাৰণ জনতাই। বহিঃৰাজ্যত কৰ্মৰত হৈ থকা প্ৰৱাসী শ্ৰমিকে খোজ কাঢ়ি উভতিছিল ঘৰলৈ। জেপত ধন নাছিল, খাবলৈ ভাত নাছিল, হাস্পতালত ঠাই নাছিল।
কিন্তু সেই সময়তো পূৰ্ণগতিত চলি আছিল অত্যাধুনিক সা-সুবিধাসম্পন্ন চৰকাৰৰ অভিলাসী সপোন সংসদ ভৱনৰ কাম। এনে কাৰণতে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰ।
এতিয়া পুনৰ ৰাষ্ট্ৰপতিক আঁতৰাই এই সংসদ ভৱনটো প্ৰধানমন্ত্ৰীয়েই উদ্বোধন কৰিবলৈ যো-জা চলোৱাত বিৰোধ ব্যক্ত কৰি উদ্বোধনী অনুষ্ঠান বৰ্জনৰ ঘোষণা কৰিছে ১৯টা বিৰোধী দলে। বিৰোধীয়ে এয়া প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত গৃহপ্ৰৱেশ বুলি অভিহিত কৰা পৰিলক্ষিত হৈছে।