newsnextone.com | ডিজিটেল ডেস্কঃ কেৰেলাত নিপাহ ভাইৰাছত আক্ৰান্ত লোক সংখ্যা তীব্ৰ গতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ৰাজ্যখনত এই ভাইৰাছৰ সংক্ৰামণৰ ফলত ইতিমধ্যে ১২ গৰাকী লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে৷ তাৰ বিপৰীতে কেইবাজনো লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে৷

মঙলবাৰে ৰাজ্যখনৰ কোজীকোড মেডিকেল কলেজ হস্পিতালত পুনৰ দুজন ব্যক্তিৰ নিপাহ ভাইৰাছৰ কবলত পৰি মৃত্যু ঘটে৷ দুয়োগৰাকী ৰোগীক চিকিৎসালয় খনত পৃথক পৃথক চিকিৎসা কক্ষত চিকিৎসা কৰি ৰখা হৈছিল৷

আনহাতে লিনি নামৰ এগৰাকী ৩১ বৰ্ষীয় নাৰ্ছো এই ভাইৰাছৰ চিকাৰ হৈ মৃত্যুক সাৱটি ল’বলগীয়া হয় বুলি জানিব পৰা গৈছে৷ ইয়াৰ পূৰ্বে কালিকট জিলাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৯ লোকৰ মৃত্যু ঘটা বুলি প্ৰকাশ কৰা হৈছিল৷ য’ত ২ গৰাকী লোকৰ মৃত্যু নিপাহ ভাইৰাছৰ ফলত হোৱা বুলি জনোৱা হৈছিল৷ মৃত লোক সকলৰ তেজৰ নমুনা পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰা হয়৷ ইফালে জিলা অধীক্ষক য়ুবী জোছৰ নেতৃত্বত এটি চিকিৎসা দল গঠন কৰা হয়৷ 

উল্লেখ্য যে, কাজিকোড জিলাৰ একেটা পৰিয়ালৰ ৩ সদস্যৰ নিপাহ ভাইৰাছৰ ফলত মৃত্যু ঘটাৰ পিছত স্বাস্থ্য বিভাগ সচেতন হৈ পৰে৷ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী কে কে শ্বালাই স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ সৈতে নিপাহ ভাইৰাছ সম্পৰ্কে সোমবাৰে এখন বপৈঠক অনুষ্ঠিত কৰে৷ ভাইৰাছত আক্ৰান্ত লোকসকলৰ তেজৰ নমুনা পুনেস্থিত নেশ্যনেল ইনষ্টিটিউট অৱ বায়ৰ’লজীলৈ প্ৰেৰণ কৰা হয়৷