newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছে পঞ্জাৱত আম আদমী পাৰ্টীৰ সৈতে কোনো ধৰমৰ মিত্ৰতা স্থাপন কৰিব নিবিচাৰে বুলি শনিবাৰে স্পষ্ট কৰি দিছে৷ পঞ্জাৱ কংগ্ৰেছৰ অধ্যক্ষ সুনীল জাখড় আৰু ৰাজ্যখনৰ এআইচিচিৰ অধ্যক্ষ আশা কুমাৰীয়ে কংগ্ৰেছ-আপৰ মিত্ৰতা সম্পৰ্কে চলা ভুৱা প্ৰচাৰত গুৰুত্ব নিদিবলৈ আহ্বান জনায়৷

সুনীল জাখড়ে কয়, ‘আমি পঞ্জাৱত আপ আৰু কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কে চলা প্ৰচাৰ সম্পূৰ্ণে ৰূপে অস্বীকাৰ কৰিছো৷ এই বাতৰি কেৱল কল্পনা আৰু একাংশ লোকৰ স্বাৰ্থলোভৰ ষড়যন্ত্ৰ বাহিৰে আন একো নহয়৷’ ইফালে আশা কুমাৰীয়ে পঞ্জাৱ কংগ্ৰেছৰ অধ্যক্ষ সুনীল জাখড়ৰ মন্তব্যক পূৰ্ণ সমৰ্থন আগবঢ়াই আপ আৰু কংগ্ৰেছৰ মিত্ৰতা খাৰিজ কৰে৷ 

উল্লেখ্য যে, কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ পিছত পট পৰিবৰ্তনলৈ লক্ষ্য ৰাখি আগন্তক লোকসভা নিৰ্বাচনত কংগ্ৰেছে আম আদমী পাৰ্টীৰ সৈতে মিত্ৰতা কৰিব বুলি গুজৱ চলিছিল৷ ইয়াৰ আঁৰত ২০১৭ চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে পঞ্জাৱত প্ৰথমবাৰ নিৰ্বাচনত অৱৰ্তীৰ্ণ হৈ দেখুৱাও শক্তিশালী প্ৰদৰ্শন বুলি ধৰি লোৱা হৈছিল৷ 

আনহাতে ইয়াৰ পূৰ্বেও দিল্লী কংগ্ৰেছৰ প্ৰধান অজয় মাকনে আম আদমী পাৰ্টীৰ সৈতে কংগ্ৰেছৰ মিত্ৰজোঁট অস্বীকাৰ কৰিছিল৷ অজয় মাকনে কৈছিল যে আন্না আন্দোলনৰ জৰিয়তে মোডীক প্ৰতিষ্ঠিত কৰা কেজিৰৱালৰ আম আদমী পাৰ্টীৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা কোনোপধ্যেই সম্ভৱ নহয়৷ দিল্লীৰ জনতাই লাহে লাহে কেজিৰৱালৰ প্ৰতি অসন্তুষ্ট হৈ পৰা বুলি দাবি কৰি অজয় মাকনে আগন্তক কালত দিল্লীত কংগ্ৰেছৰ উত্থান ঘটিব বুলিও দাবী কৰিছিল৷