কামপুৰঃ এটা পথ আৰু এখন বিশেষ পূজা। এই পূজা পিছে কোনো দেৱ-দেৱীক উদ্দেশ্যি নহয়। ৩জনকৈ বিশেষ ব্যক্তিক উদ্দেশ্যিহে আয়োজন কৰা হয় এই বিশেষ পূজা।

২৫ খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ বিশেষভাৱে পূজা আগবঢ়োৱা এই ৩জন ব্যক্তি হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত।

বছৰ বছৰ ধৰি পুখুৰী সদৃশ গাতেৰে ভৰি থকা ৰাজপথৰে আহ-যাহ কৰি আহিবলগীয়া হোৱা বাবেই তেনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি এইদৰে নেতা ৩জনক পূজা অগবঢ়াই ২৫খন গাঁৱৰ ৰাইজে।

উল্লেখ্য যে কঠিয়াতলী, বামুনী সংযোগী শগুণবাহী অঞ্চলৰ জৰাজীৰ্ণ পথৰ দুৰৱস্থাৰ বাবেই অঞ্চলটোত এম্বুলেন্স প্ৰৱেশ কৰিব নোৱাৰে। কেৱল সিমানেই নহয়, পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোৰ ডেকা-গাভৰুসকলেও নকৈ সংসাৰ পতাৰ সপোন দেখিব নোৱাৰে।

কিয়নো গাড়ীতো বাদেই বাইক, চাইকলে চলোৱাৰো অনুপযোগী পথটোৰে আন অঞ্চলৰ কোনো সুদৰ্শন যুৱকে এই অঞ্চলটোৰ ছোৱালী চাবলৈ আহিবলৈ টান পায়। একেদৰে আন গাঁৱৰ সুন্দৰী যুৱতীসকলেও উক্ত অঞ্চলটোলৈ বোৱাৰী হৈ অহাৰ কথা সপোনতো ভাবিব নোৱাৰে।

এনে পৰিস্থিতি ক্ষুব্ধ হৈ ৰাইজে আজি পূজা-অৰ্চনাৰে প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰে। আজিৰ এই বিশেষ পূজা অনুষ্ঠানত অঞ্চলটোৰ ৰাইজে অভিযোগ কৰে যে বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে কংগ্ৰেছ চৰকাৰে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। সেয়ে অতিষ্ঠ হৈ দেৱ-দেৱীৰ পৰিৱৰ্তে ধূপ-ধূনা, নৈবদ্য লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক প্ৰতীকি পূজা আগবঢ়ায়।

বিশেষ পূজাৰ লগতে অঞ্চলবাসীয়ে পুখুৰী সদৃশ ৰাজপথতে কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে। নতুন চৰকাৰখনে এবছৰ সম্পূর্ণ কৰাৰ পিছতো পথছোৱা নিৰ্মাণৰ কোনো ব্যৱস্থা নকৰাত ক্ষোভিত হৈয়ে এনে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা বুলি জানিবলৈ দিয়ে প্ৰতিবাদী ৰাইজে।

ইফালে সংবাদ মাধ্যমৰ আগত প্ৰতিবাদী ৰাইজে চৰকাৰক সকীয়াই দি কয় যে যদিহে শীঘ্ৰে পথটো নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে সময়ত উচিত প্ৰত্যুত্তৰ দিবলৈ আটায়ে মাৰবান্ধি থিয় হ'বলৈ সাজু হৈ আছে।