ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটায় বিচিআইৰ বিশেষ আদালতে শনিবাৰে লালু প্ৰসাদ য়াদৱৰ শাস্তিৰ ৰায় ঘোষণা কৰে৷ লালু প্ৰসাদ য়াদৱক তিনি বছৰ ৬ মাহ জেলত থাকিব লগাৰ লগতে ৫ লাখ টকা জৰিমণা সৈতে শাস্তি ঘোষণা কৰে৷

অৱশেষত ৯৫০ কোটি টকাৰ পশু খাদ্য কেলেংকাৰী আৰু দেৱঘৰ কোষাগাৰ ৮৯ লাখ ২৭ হাজাৰ টকাৰ কেলেংকাৰীৰ দোষী বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ য়াদৱ, আৰ কেৰানা, জগদীশ শৰ্মা সহ ১৬ গৰাকীৰ শাস্তিৰ ৰায় আদালতে ঘোষণা কৰে৷

১৬ দোষীৰে শাস্তিৰ ৰায় প্ৰদান কৰে শনিবাৰে আদালতে৷ ৩ জানুৱাৰীত এই ৰায় ঘোষণা কৰা কথা আছিল যদিও এগৰাকী অধিবক্তাৰ মৃত্যুৰ বাবে আদালতত অধিবক্তা উপস্থিত থাকিব নোৱাৰাৰ বাবে ৰায় স্থগিত ৰাখে৷ পুণৰ ৪ জানুৱাৰী আৰু ৫ জানুৱাৰীতো ৰায় ঘোষণা স্থগিত ৰাখিছিল আদালতে৷ লালু প্ৰসাদৰ শাৰিৰীক অৱস্থাৰ দোহাই দি লালুৰ অধিবক্তা চিত্তৰঞ্জন কুমাৰে লালু প্ৰসাদ য়াদৱৰ শাস্তি কম কৰাৰ আৱেদন জনাইছিল৷

তেওঁ নিতৌ ঔষধ খাব লগা হোৱাৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত বুলি কোৱাৰ লগতে এই গোচৰত লালু জড়িত বুলি কোনো তথ্য নাই বুলি কয় লালুৰ অধিবক্তাই৷ যোৱা ২০ বছৰ ধৰি লালুৱে এই গোচৰত আদালতত দৌৰি থাকিব লগা হোৱাৰ অন্তত ৩ বছৰ ৬ মাহ জেল আৰু ৫ লাখ জৰিমণা বিহে আদালতে৷ ১৯৯০ আৰু ১৯৯৪ চনত সংঘটিত এই ঘটনাৰ গোচৰ ৰুজু হৈছিল ১৯৯৭ চনত৷

যোৱা ২৩ ডিচেম্বৰত ৰাঁচীৰ এখন আদালতে পশু খাদ্য কেলেংকাৰীত দোষী সাব্যস্ত কৰি ৩ জানুৱাৰীত শাস্তি ঘোষণা কৰাৰ কথা আছিল যদিও পুণৰ তিনি শাস্তিৰ ৰায় স্থগিত ৰাখে৷ দীৰ্ঘ দিনীয়া প্ৰতিক্ষাৰ অন্তত ২৩ ডিচেম্বৰত ৰাঁচিত পশুখাদ্য কেলেংকাৰীত অভিযুক্ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক চিবিআইৰ বিশেষ আদালতৰ দোষী সাব্যস্ত কৰে।

চিবিআইৰ বিশেষ আদালতৰ বিচাৰক শিৱপাল সিঙৰ আদালতে দোষী সাব্যস্ত কৰে লালুক। ইফালে এই কেলেংকাৰীত ২৩ জন অভিযুক্তৰ মাজত ৬ জনক দোষমুক্ত কৰে আদালতে। গোচৰৰ পৰা দোষমুক্ত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী জগন্নাথ মিশ্ৰ। ইফালে আদালতৰ এই ৰায়ক লৈ কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আৰ জে ডি দল। বৰ্তমান বিৰচা মুণ্ডা জেলত বন্দী হৈ আছে লালু৷   

আনহাতে লালুৰ পুত্ৰ তথা বিহাৰ বিধান সভাৰ বিৰোধি দলৰ নেতা তেজস্বী য়াদৱে গোচৰৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত যোৱাৰ কথা ঘোষণা কৰে।