ডিজেটেল ডেস্কঃ ভাৰতবৰ্ষ এখন বিচিত্ৰ দেশ ৷ বিচিত্ৰ দেশ খনত প্ৰতিদিনে সংঘটিত হয় বিচিত্ৰ ঘটনা।দেশত ধনী-দৰিদ্ৰ সকলোৱে বাস কৰে। দেশৰ বিত্তশীল তথা প্ৰভাৱশালী লোকসকলৰ কথা নিতৌ সংবাদ মাধ্যমত প্ৰকাশ পায় নতুবা চৰ্চা হয়। 

কিন্তু দৰিদ্ৰ-শ্ৰমিকৰ খবৰ খুব কমেই প্ৰচাৰ হয়। কিন্তু সময়ে সময়ে বিশেষ কাৰণত একো একো জন সাধাৰণ লোক তথা দৰিদ্ৰৰ খবৰ প্ৰকাশ কৰিবলৈ বাধ্য হয় সংবাদ মাধ্যমে।দেশৰ একাংশ লোকে জীৱন যুদ্ধত হাৰ মানি ভিক্ষা কৰিব লগা হয়।

নিজৰ দেহটোৰ কাম কৰাৰ সম্বল নাথাকিলেও একাংশ লোকে ভিক্ষা মাগি জীৱন-নিৰ্বাহ কৰিব লগা হয়। তাৰ মাজতে এগৰাকী ভিক্ষাৰীক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে সংবাদ মাধ্যমত। বছৰি লাখ লাখ টকা উপাৰ্জন কৰা এইগৰাকী ভিক্ষাৰীয়ে টকা উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়াৰ লগতে বিলাসী জীৱন-যাপন কৰে। এনে খবৰ সকলোৰে বাবে বিশ্বাস কৰাটো টান যদিও এই কথা সঁচা ৷

এনে এজন ব্যক্তিৰ কথা শেহতীয়াকৈ চৰ্চালৈ আহিছে যি গৰাকীয়ে দৈনিক ভিক্ষা কৰি উপাৰ্জন কৰে ১০-১৫ হাজাৰ টকা৷ ঝাৰখণ্ডৰ ছোটু বাৰাইক একমাত্ৰ ভিক্ষাৰি  যিয়ে মাহকেত প্ৰায় ১ লাখ টকা উপাৰ্জন কৰে৷ ঝাৰখাণ্ডৰ চক্ৰধৰপুৰ ৰেলৱে ষ্টেছনত ভিক্ষা কৰি ফুৰা ছোটুই ভিক্ষাই কৰিয়েই পৰিয়াল পোহপাল দিয়ে।

আন উপাৰ্জনৰ আহিলা কেৱল ভিক্ষাবৃত্তিয়ে নহয় বিভিন্ন ব্যৱসায়ৰ সৈতেও জৰিত তেওঁ৷ তেওঁ এটা সন্থাৰ ডি ষ্ট্ৰিবিউটাৰ হিচাপেও কাম কৰি আছে৷ তেওঁ বহু সময়ত ৰেলৰ যাত্ৰীসকলক তেওঁৰ সন্থাৰ সদস্য হিচাপেও যোগদান কৰায়৷ কেতিয়াবা সা-সমগ্ৰীও বিক্ৰী কৰে৷

তদুপৰি ছিমডেগা জিলাৰ বান্দি নামৰ গাৱঁত তেওঁৰ আছে এখন দোকান৷ যিখন চোৱাচিতা কৰে তেওঁৰ পত্নীয়ে৷ তিনি গৰাকী পত্নীৰ সৈতে ছোটুৰ বৰ্তমান সুখৰ সংসাৰ৷ মাহত যি উপাৰ্জন হয় তাৰে এটা ডাঙৰ অংশ তেওঁ সমান ভাগ কৰি তিনি গৰাকী পত্নীৰ মাজত ভগাই দিয়ে৷ তেওঁ সংসাৰ ভালদৰে পৰিচালনাও কৰে৷  ইমানদিনে আমি ভিক্ষাৰীৰ চৰিত্ৰক লৈ চিনেমাত চাই আহিছিলো।চিনেমাত দেখুওৱা ঘটনাবোৰ সঁচা বুলি প্ৰমাণ কৰিলে ছোটুৱে৷