ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটায় চিবিআইৰ বিশেষ আদালতে ০৬ জানুৱাৰীত লালু প্ৰসাদ য়াদৱৰ শাস্তিৰ ৰায় ঘোষণা কৰে৷ লালু প্ৰসাদ য়াদৱক তিনি বছৰ ৬ মাহ জেলত থাকিব লগাৰ লগতে ৫ লাখ টকা জৰিমণাৰ সৈতে শাস্তি ঘোষণা কৰে৷
৯৫০ কোটি টকাৰ পশু খাদ্য কেলেংকাৰী আৰু দেৱঘৰ কোষাগাৰ ৮৯ লাখ ২৭ হাজাৰ টকাৰ কেলেংকাৰীৰ দোষী বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ য়াদৱ, আৰ কেৰানা, জগদীশ শৰ্মা সহ ১৬ গৰাকীৰ শাস্তিৰ ৰায় আদালতে ঘোষণা কৰে৷ বৰ্তমান ৰাঁচিৰ বিৰছা মুণ্ডা চেন্ট্ৰাল জেলৰ বাসিন্দা লালু। বিহাৰে নহয় সমগ্ৰ দেশত লালুৰ অনুগামী আছে। লালুৰ বাবে সকলো কৰিব পাৰে। লালুৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিবলৈ বিহাৰত সাজু আছে বহু লোক।
বৰ্তমান সময়ছোৱাত আনুগত্য শব্দৰ অৰ্থ মানুহে পাহৰিবলৈ ধৰিছে৷ সম্প্ৰতি সকলোৱে নিজকে লৈ ব্যস্ত থাকে আৰু ইজনে সিজনৰ প্ৰতি অলপো আনুগত্য প্ৰদৰ্শন কৰা দেখা নাযায়। কিন্তু লালুক লগ পাবলৈ তথা সেৱা কৰিবলৈ চুৰি কৰি জেলত প্ৰবেশ কৰে। বহু চেষ্টাৰ অন্তত দুজন অনুগামী জেলত প্ৰবেশ কৰিবলৈ সক্ষম হয়।
কিন্তু লালুৰ দুগৰাকী ব্যতিক্ৰম অনুগামীয়ে প্ৰথমে চুৰি কৰে। ব্যতিক্ৰম তথা আনুগত্যৰে প্ৰমাণ কৰি দেখুৱাবলৈ তথা পশুখাদ্য কেলেংকাৰিত দোষী লালু প্ৰসাদ যাদৱক সেৱা কৰিবলৈ চুৰি কৰে। ৰাঁচিৰ বিৰছা মুণ্ডা চেন্ট্ৰাল জেলত প্ৰবেশ কৰি এতিয়া বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দুই অনুগত সহকাৰীয়ে সেৱা আগবঢ়াই গৈছে। প্ৰথমে চুৰি আৰু চুবুৰীয়াক মাৰপিট কৰাৰ অভিযোগত থানাত আত্মসমৰ্পণ কৰিছিল লালুৰ দুই সহকাৰী মদন যাদৱ আৰু লক্ষ্মণ মাহাতোৱে৷
তথ্য অনুসৰি, প্ৰহাৰ কৰা লোকজনে চুবুৰীয়া জনে প্ৰথমে দোৰাণ্ড আৰক্ষী থানাত মদন আৰু লক্ষ্মণৰ বিৰুদ্ধে অভিযোগ দাখিল কৰ৷ কিন্তু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে সন্দেহ ওপজাত দুই অভিযুক্তক জেললৈ প্ৰেৰণ নকৰাকৈ থাকে৷
নাটক ৰচনা কৰি পিছত ৰাঁচিৰ লোৱাৰ বজাৰ আৰক্ষী থানাত একেটা অভিযোগত দাখিল কৰে।মাৰপিট কৰাৰ লগতে তেওঁৰ পৰা ১০ হাজাৰ টকা চুৰ কৰি নিয়া বুলি অভিযোগ উত্থাপন কৰে মদন আৰু লক্ষ্মণৰ বিৰুদ্ধে ৷ তাৰ পিছতে লোৱাৰ বাজাৰ আৰক্ষীয়ে দুয়োকে জেললৈ প্ৰেৰণ কৰে। জেললৈ প্ৰেৰণ কৰাৰ পিছতে এতিয়া লালু সংগী হৈ পৰিছে দুয়োজনেই।
লগতে দুয়োৰে ঠিকনা একেটাই উল্লেখ কৰা হৈছে৷ ৰাঁচিত দুয়ো অভিযুক্তই গাখীৰৰ ব্যৱসায় কৰে৷ তদুপৰি দুজনেই আৰজেডি প্ৰধানৰ অতি ঘনিষ্ঠ হিচাবে পৰিচিত৷ দুজনেই জেইলত লালুৰ চোৱাচিতাৰ লগতে তেওঁৰ বাবে ৰন্ধাবঢ়া কৰে৷ ইয়াৰ পূৰ্বেও একেটা গোচৰতে লালু জেইলত থকাৰ সময়তো তেওঁৰ লগত আছিল এই দুই অনুগতই৷