গুৱাহাটীঃ পুণৰ চীনা সৈন্যই অৰুণাচলত প্ৰৱেশ কৰাৰ এটা ভিডিঅ’ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰ পূৰ্বাঞ্চলত৷ চছিয়েল মিডিয়াত যোৱা ২৪ ঘন্টাত ভাইৰেল হোৱা ভিডিঅ’টোত চীনা সৈন্যৰ আক্ৰোশমূলক স্থিতিত দেখা যায়৷

অৰুণাচলত ভাৰতৰ ভূমিত প্ৰৱেশ কৰি চীনা সৈন্যই শিলেৰে পথ নিৰ্মাণ কৰাৰ লগতে শিলেৰে সীমা নিৰ্ধাৰণ কৰে৷ উক্ত স্থানত ভাৰতীয় সেনাই চীনা সেনাক উক্ত কাৰ্যৰ পৰা বিৰত থকাৰ নিৰ্দেশৰে বাৰে বাৰে কথা পাতিবলৈ চেষ্টা কৰে যদিওঁ চীনৰ সেনাই ভাৰতীয় সেনাৰ কোনো কথাক গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷

যেতিয়ালৈ ওপৰৰ খবৰৰ নাহে তেতিয়ালৈ চীনা সেনাই তাৰ পৰা আঁতৰি নহাৰ লগতে কাম বন্ধ নকৰাৰ কথা স্পষ্ট কৰে৷ আক্ৰোশমূলক চীনা সৈন্যক বাৰে বাৰে ভাৰীয়ে সেন্যই আলোচনাৰ মাধ্যমেৰে সকলো সমস্যা সমাধানৰ চেষ্টা কৰাৰ কথা কয় যদিও গুৰুত্ব প্ৰদান কৰা দেখা নাযায় চীনৰ সৈন্যই৷

পিছতে বাৰতে চীন কৰ্তৃপক্ষৰ সৈতে কথা পাতে আৰু চীনে ভৱিষ্যতে ভাৰতৰ ভূমিত কোনো ধৰণৰ নিৰ্মাণ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ এই ভিডিঅ’ই এতিয়া কেৱল উত্তৰ পূৰ্বাঞ্চলতে নহয় সমগ্ৰ দেশত তোলপাৰ লগাইছে৷

দেশ তোলপাৰ লগোৱা ভিডিঅ’টোত চীনা সেনাই অৰুণাচলত শিলেৰে সীমা নিৰ্ধাৰণ কৰাৰ পিছত ভাৰতীয় সেনাৰ সৈতে কথা পাতি থকা দেখা গৈছে৷

মেক মোহন লাইনৰ বুলি জানিব পৰা গৈছে ভিডিঅ’টো৷ চীন চৰকাৰৰ জ্ঞাতসাৰে চীনা সৈন্যৰ অনুপ্ৰৱেশ ভিডিঅ’টোত তোলপাৰ লগাইছে দেশত। ভিডিঅ'টোত ভাৰত-চীন সীমান্তৰ অৰুণাচলত শিলেৰে নিৰ্ধাৰণ কৰা সীমাৰ দুয়োপাৰে থিয় হৈ তথা পাতি থকা দেখা গৈছে সেনাক৷ ভিডিঅ’টো চছিয়েল মিডিয়াত ভাইৰেল হয়৷ অৰুণাচলৰ আপাৰ চিয়াঙক টুটিঙৰ বুলি দাবী কৰা হৈছে ভিডিঅ’টো৷