The Financial Express
The Financial Express

ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটায় চিবিআইৰ বিশেষ আদালতে ০৬ জানুৱাৰীত লালু প্ৰসাদ য়াদৱৰ শাস্তিৰ ৰায় ঘোষণা কৰিছিল৷ লালু প্ৰসাদ য়াদৱক তিনি বছৰ ৬ মাহ জেলত থাকিব লগাৰ লগতে ৫ লাখ টকা জৰিমণাৰ সৈতে শাস্তি ঘোষণা কৰাত বৰ্তমান লালু প্ৰসাদ য়াদৱে জেলতে সময় অতিবাহিত কৰিছে৷ বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে সদায় আক্ৰমণাত্মক লালুৱে জেলৰ ভিতৰৰ পৰাও বিজেপি দল আৰু চৰকাৰক এৰা নাই৷

বিভিন্ন সময়ত জেলৰ ভিতৰত দল আৰু পৰিয়ালৰ লোকৰ সৈতে সাক্ষাৎ হৈ থকাৰ সময়ত দেশৰ ৰাজনীতিৰ খবৰ লোৱাৰ লগতে চৰকাৰ আৰু বিজেপি দলৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি আহিছে৷ ৯৫০ কোটি টকাৰ পশু খাদ্য কেলেংকাৰী আৰু দেৱঘৰ কোষাগাৰ ৮৯ লাখ ২৭ হাজাৰ টকাৰ কেলেংকাৰীৰ দোষী বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ য়াদৱ, আৰ কেৰানা, জগদীশ শৰ্মা সহ ১৬ গৰাকীৰ শাস্তিৰ ৰায় আদালতে ঘোষণা কৰিছিল ০৬ জানুৱাৰীত৷ বৰ্তমান ৰাঁচিৰ বিৰছা মুণ্ডা চেন্ট্ৰাল জেলৰ বাসিন্দা লালু।

জেলৰ থকাৰ সময়ছোৱাতো লালুৱে বাজেটৰ গইনালৈ মোডী চৰকাৰে মানুহক মিছা প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ উত্থপিত কৰে। দেশৰ ১০০ খন চহৰক স্মাৰ্ট চিটি, ১৫ লাখ টকা, দুখীয়াৰ বিনামূলীয়া স্বাস্থ্য, গংগা পৰিস্কাৰৰ কথাবোৰ ক’ত গ’ল বুলি প্ৰশ্ন কৰি বিজেপি চৰকাৰক উভতি ধৰে লালুৱে। লালুৱে বিজেপিয়ে মিছা কোৱাত ১০০ নম্বৰ পাব বুলি উল্লেখ কৰে।

লালুৰ নিজৰ টুইটৰ একাউন্টৰ পৰা টুইট কৰি প্ৰকাশ কৰে এই কথাখিনি৷ নিজৰ সমৰ্থক আৰু বিহাৰৰ মানুহৰ বাবে এটি টুইট কৰি চছিয়েল মিডিয়াৰ জৰিয়তে জনমত গঠন কৰিব পাৰি আৰু ইয়াৰ দ্বাৰা মানুহৰ মাজলৈ যাব পাৰি বুলিও উল্লেখ কৰে। জেলত থাকৰ পিছৰে পৰা লালু প্ৰসাদ য়াদৱৰ টুইটাৰ একাউন্ট আন কোনো চলাই থকা বুলি জানিব পৰা যায়৷