ডিজিটেল ডেস্কঃ অযোধ্যা বিবাদ মাথো এটি ভূমিৰ বিবাদ৷ এই বিবাদক ভূমিৰ বিবাদৰ দৰে মীমাংসা কৰা যাব৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই অযোধ্যা গোচৰ সন্দৰ্ভত এই কথা কয় বৃহস্পতিবাৰে৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই দুই সপ্তাহৰ ভিতৰত সকলো পক্ষকে নিজৰ নিজৰ মতামত দাখিল কৰাৰ নিৰ্দেশ দিয়ে৷

তাৰ লগে লগে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই এবাৰ শুনানি আৰম্ভ কৰিলে গোচৰ সমাপ্ত কৰিম বুলি কয়৷ ৭ মাৰ্চৰ ভিতৰত সকলো তথ্যপাতি দাখিল কৰাৰ লগতে ১৪ মাৰ্চত পুনৰ শুনানি অনুষ্ঠিত হ’ব৷ আনহাতে গোচৰৰ শুনানি চলি থকাৰ সময়তে শ্ৰীৰাম দাস মিছন ইউনিভাৰ্ছেল চোছাইটিয়ে ১৩ ফেব্ৰুৱাৰীত শিৱৰাত্ৰি দিৱসৰ দিনটোত ৰামৰাজ ৰথ যাত্ৰা উলিয়াব অযোধ্যাৰ পৰা ৰামেশ্বৰমলৈ৷

ৰথ যাত্ৰাৰ শুভাৰম্ভ কৰিব পাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ যোৱা বৰ্ষৰ ৫ ডিচেম্বৰত আদালতে সকলো তথ্যপাতি আদালতত জমা কৰাৰ নিৰ্দেশ দিয়াৰ লগতে ৮ ফেব্ৰুৱাৰীত অন্তিম শুনানি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও আদালতে পুনৰ দিন দিয়ে৷ ইপিনে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই অযোধ্যা বিবাদৰ বাবে শুনানিৰ সময়ত কোনো ৰাজনৈতিকৰ তৰ্কৰ প্ৰতি গুৰুত্ব নিদিয়ে৷

এই গোচৰৰ শুনানিৰ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব আৰু ইয়াৰ পৰৰ্ৱতী শুনানি অহা ১৪ মাৰ্চত হ’ব৷ ন্যায়াধীশ দীপক মিশ্ৰই কয় যে, দৰিদ্ৰ লোকসকলে ন্যায়ৰ বাবে অপেক্ষা কৰি আছে৷ এই ঘটনাৰ বাবে ৭০০ আৱেদন দাখিল কৰা হৈছে৷ কিছু ঘণ্টাৰ পাছতেই এই ঘটনাৰ অন্ত পৰিব৷ শুনানিৰ বাবে ন্যায়ালয়ে চুন্নী ৱাকফ বৰ্ডৰ আৰ্জি খাৰিজ কৰে৷

বৰ্ডে জনাইছিল যে লোকসভা নিৰ্বাচনৰ পাছতহে এই গোচৰৰ নিস্পতি হ’ব লাগে৷ জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল, ৰাজীৱ ধৱন আৰু দুষ্মন্ত দেৱ উপস্থিত আছিল৷ তেওঁলোকে পাঁচ ন্যায়াধীশৰ বেঞ্চে গোচৰৰ শুনানি বিচাৰে৷ কপিল ছিবালে কয়, এই গোচৰৰ শুনানিৰ বাবে আগন্তুক লোকসভা নিৰ্বাচনত সময়ত দেশৰ ৰাজনীতিত প্ৰভাৱ পৰিব৷

ন্যায়াধীশ হৰিশ চাল্বে কয়, এই ঘটনা ন্যায়ালয়ৰ বাবে মাত্ৰ এক গোচৰহে৷ শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কোৰ্টক সুধি বাবৰি মছজিদ ভাঙিছিলো নেকি বুলি প্ৰশ্ন কৰে৷ আমি কোৰ্টক সুধি ভাঙিছিলো নেকি৷ এতিয়া কোৰ্টৰ বিষয় কৈনেকৈ হ’ল৷ শুনানি কেতিয়ালৈ লোকসভালৈকে বুলি বিজেপিক আক্ৰমণ কৰে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ নেতাগৰাকীয়ে৷ আনহাতে শ্ৰী শ্ৰী ৰবিশংকৰে বৃহস্পতিবাৰে বাংগালুৰুত মুছলমান ধৰ্মীয় নেতাক সাক্ষাৎ কৰি অযোধ্যা গোচৰ সন্দৰ্ভত কথা পাতে৷