নাগালেণ্ডঃ NSCN-IM ঘোষণাৰ পিছত নিৰ্বাচনকেন্দ্ৰীক ভয়-আশংকাত দিন পাৰ কৰিছে নাগালেণ্ডবাসীয়ে৷ কিন্তু নিৰ্বাচনকলৈ পূৰ্বৰ স্থিতি সলনি কৰিছে NSCN-IM-এ৷ বিধানসভা নিৰ্বাচন বহিস্কাৰ কৰিছিল যদিও যদিও জনসাধাৰণক নিৰ্বাচন বহিষ্কাৰ কৰিবলৈ হেঁচা প্ৰয়োগ নকৰাৰ কথা উল্লেখ কৰে। উগ্ৰপন্থী সংগঠনটোৱে এই কথা প্ৰকাশ কৰাৰ পিছতেই নাগালেণ্ডৰ জনসাধৰণ আৰু নিৰ্বাচন আয়োগক সকাহ দিয়ে বুলি জানিব পৰা গৈছে৷
সংগঠনটোৱে এই কথা প্ৰকাশ কৰাৰ পিছতে জনসাধাৰণে সংকামুক্তহৈ ভোটাদান কৰিব পাৰিব৷ নেচনেল চোছেলিষ্ট কাউন্সিল অৱ নাগালেণ্ড নামৰ বিদ্ৰোহী সংগঠনটোৱে নাগালেণ্ডৰ সাৰ্বভৌমত্ব বিচাৰি বিদ্ৰোহ কৰি আহিছে৷ কেন্দ্ৰীয় চৰকাৰ আৰু বিদ্ৰোহী সংগঠনটোৰ মাজত শান্তি আলোচনা চলি আছে যদিও এতিয়া পৃথক নাগালেণ্ডে লাভ নকৰিলেও সংগঠনটোৰ কিছু দাবী মানি লোৱা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে।
ৰাজনৈতিক দলবোৰে নাগালেণ্ড পৃথক কৰাৰ দাবীক মানি লোৱা নাছিল৷ NSCN-IM-এ শেহতীয়াকৈ নিৰ্বাচন বৰ্জন কৰি কোনোৱে তেঁওলোকৰ সিদ্ধান্তৰ বিপৰীতে গলে পৰিণাম ভয়াবহ কৰাৰ হুংকাৰ দি আহিছে৷ NSCN-IM-এ প্ৰতিটো দাবীক সকলো নগাই সমৰ্থন নকৰে৷ এইবাৰে নিৰ্বাচন বৰ্জন কৰাৰ সিন্ধান্তৰ সৈতে একমত নহয় নাগালেণ্ডৰ ৰাইজ৷ নগাসকলে নিৰ্বাচনত অংশ কৰিব বিচাৰিছিল।
আনহাতে নগাসকলে নিজৰ স্থিতিত অটল থাকিব বুলি কৈ জোৰকৈ নিৰ্বাচন জাপি দিলে অংশ গ্ৰহণ নকৰাৰ কথা কৈছিল৷ কেইবাটাও দলে লগলাগি ২৯ জানুৱাৰীত নিৰ্বাজন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল যদিও অৱশেষত নিৰ্বাচন বৰ্জনৰ সিদ্ধান্তৰ গুৰীধৰোতা NSCN-IM-এ নমনীয় হোৱাত চৰ্চা লাভ কৰিছে৷ নগা বিদ্ৰোহী সংগঠনৰ লগতে ১১টা ৰাজনৈতিক দলৰ সৈতে লগলাগি বিশেষকৈ নিৰ্বাচনৰ পূৰ্বে নাগালিম চুক্তি ৰূপায়ণ সম্পৰ্ণ কৰাৰ দাবীত নিৰ্বাচন বৰ্জন কৰিছিল৷ তাৰ পিছতে একাংশ ৰাজনৈতিক দলে মনোনয়ন পত্ৰ দাখিল কৰাৰ লগে লগে নিৰ্বাচন বৰ্জনৰ সিদ্ধন্ত ফুটুকাৰ ফেন হৈ পৰে৷