ডিজিটেল ডেস্কঃ সুন্দৰী যুৱতীয়ে হাতত বন্দুকলৈ নিৰ্বিচাৰ গুলীচালনা কৰে আমেৰিকাৰ চেন বাৰ্ণোৰ YouTubeৰ মুখ্য কাৰ্যালয়ত৷ নিৰ্বিচাৰ গুলীচালনা কৰাৰ অন্তত নিজৰ মূৰত গুলীচলাই আত্মহত্যা কৰে যুৱতীয়ে৷
Active shooter at YouTube HQ. Heard shots and saw people running while at my desk. Now barricaded inside a room with coworkers.
— Vadim Lavrusik (@Lavrusik) April 3, 2018
এই ঘটনাই তীব্ৰ আতংকৰ সৃষ্টি কৰে৷ গুলীৰ শব্দ শুনাৰ পিছতেই কাৰ্যালয়ৰ পৰা কৰ্মচাৰীসকলে যিয়ে যেনেকৈ পাৰে পলায়ন কৰিবলৈ চেষ্টা কৰে৷ ঘটনা সংঘটিত কৰা যুৱতীগৰাকী নাছিম আগদান বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷
Safe. Got evacuated it. Outside now.
— Vadim Lavrusik (@Lavrusik) April 3, 2018
আমেৰিকাৰ সংবাদ মাধ্যমৰ মতে নাছিমৰ পিতৃ সংবাদ মাধ্যমত কাম কৰে৷ নাছিমে এটি YouTubeৰ চেনেল চলাই৷ ২০১৭ চনৰ জানুৱাৰী মাহত YouTube কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছিল৷ তেওঁ অসন্তুষ্ট বুলিকৈ বৈষম্যৰ স্বীকাৰ হৈছিল বুলি কৈছিল৷
There are no words to describe the tragedy that occurred today. @SusanWojcicki & I are focused on supporting our employees & the @YouTube community through this difficult time together. Thank you to the police & first responders for their efforts, and to all for msgs of support.
— Sundar Pichai (@sundarpichai) April 3, 2018
তেওঁৰ ভিডিঅ’ সমূহ ফিল্টাৰেত কৰা হয়৷ YouTube কৰ্তৃপক্ষক তেওঁৰ ভিউৱাৰ কমাৰ কথাও কৈছিল৷ YouTube-এ দিয়া ভিডিঅ’ৰ বিনিময়ত লাভ কৰা টকা দিয়াৰ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল নাছিমৰ৷ কিছুদিন পূৰ্বে ইনষ্টাগ্ৰামত এই কথা খিনি উল্লেখ কৰি ক্ষোভ প্ৰকাশ কৰিছিল নাছিমে৷
ing for all my @youtube colleagues and their families. Hug your families close.
— Vadim Lavrusik (@Lavrusik) April 4, 2018
প্ৰত্যক্ষদৰ্শীৰ মতে, একেৰাহে বহু গুলী শব্দ শুনা যায়৷ তাৰ লগে লগে ফায়াৰ এলাৰ্ম বাজি উঠে৷ যিয়ে যেনেকৈ পাৰে পলাবলৈ ধৰে৷ এগৰাকী কৰ্মীয়ে টুইট কৰি কয় ‘‘বহু গুলীৰ শব্দ শুনা যায়৷ কি হৈছে গম পোৱা নাছিলো৷ দেখিলো সকলোৱে দৌৰিবলৈ আৰম্ভ কৰিছে৷ ময়ো পলম কৰা নাই৷’’
The suspected shooter in today’s YouTube incident has been identified. Please see press release for details - https://t.co/Xvr2l9bB9s pic.twitter.com/NEBoX3WWK5
— San Bruno Police (@SanBrunoPolice) April 4, 2018
Press Release regarding YouTube incident - https://t.co/4fZtzVQ3Aq
— San Bruno Police (@SanBrunoPolice) April 3, 2018
Additional press conference will take place at 4:30pm. pic.twitter.com/nHwZMuOfl3
ঘটনাত আহত ৪ গৰাকী লোকক ফ্ৰান্সিসকোৰ হস্পিতালত ভৰ্তি কৰা হৈছে৷ এই ঘটনাৰ খবৰ লাভ কৰে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কাৰ্যালয়ে৷ ইউটিউবৰ কাৰ্যালয়ত অভিযান অব্যাহত আছে৷