ডিজিটেল ডেস্কঃ এগৰাকী কৃষকে মৃত্যুৰ পূৰ্বে লিখি থৈ যোৱা নোটত তেওঁৰ মৃত্যুৰ বাবে প্ৰধানমন্ত্ৰী মোডীক দোষী বুলি কয়৷ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ চৰকাৰৰ ভূল নীতিৰ বাবে আত্মহত্যা কৰা বুলি ঋণগ্ৰস্ত কৃষকগৰাকীয়ে নোট লিখি থৈ যায়৷ মহাৰাষ্ট্ৰৰ ইয়াবতমল জিলাত ৰাজুৱাৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা৷
আৰক্ষীয়ে মৃতদেহৰ সৈতে এটি নোট উদ্ধাৰ কৰে৷ মঙলবাৰে প্ৰথমে চিপ লৈ আত্মহত্যা কৰাৰ চেষ্টা কৰে যদিও বিফল হৈ বিষ পান কৰে কৃষকগৰাকীয়ে৷ চিকিৎসালয়ত নিয়ে যদিও মৃত্যুক আকোৱালি লয়৷ তাৰ পিছতে মৃতদেহ চিকিৎসালয়ৰ পৰা চমজি লোৱা নাছিল পৰিয়ালে৷
শংকৰৰ দুই কন্যা আৰু এজন পুত্ৰ আছে৷ পৰিয়ালক এটি চাকৰি আৰু একলাখ টকা দিয়াৰ কথা ঘোষণা কৰে চৰকাৰে৷ মঙলবাৰে কৃষকজনে নিজৰ ফাৰ্ম হাউচত উদ্ধাৰ হৈছিল৷ বিষপান কৰি আত্মহত্যা কৰে শংকৰ ভাউৰাও চাইবি নামৰ কৃষকজনে৷
কৃষকগৰাকীয়ে মহাজনৰ পৰা ৩ লাখ আৰু সমবায় সমিতিৰ পৰা ৯০ হাজাৰ টকা ঋণ লৈছিল৷ ঋণ পৰিশোধ কৰিব নোৱাৰি অৱশেষত আত্মহত্যা কৰাৰ সিদ্ধান্ত লয়৷ আনহাতে কৃষকগৰাকীৰ খেতিও পোকে নষ্ট কৰিছিল৷