শ্বিলংঃ শ্বিলঙত এগৰাকী মহিলা সংবাদিকৰ ঘৰত আক্ৰমণ কৰে দুৰ্বৃত্তই৷ সাংবাদিকৰ ঘৰত আক্ৰমণ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙত মহিলা সাংবাদিকৰ বাসগৃহত পেট্ৰল বোমাৰে আক্ৰমণ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷ 

জানিব পৰা মতে, শ্বিলং টাইমছৰ সম্পাদিকা পেট্ৰিচিয়া মুখিমৰ বাসগৃহত বোমাৰে আক্ৰমণ কৰে৷ মঙলবাৰে সন্ধিয়া প্ৰায় ৯ বজাত এই ঘটনা সংঘটিত হয়৷ এই কথা মহিলা সম্পাদিকাগৰাকীয়ে এটি ফেচবুক পোষ্ট যোগে ৰাজহুৱা কৰে৷

উক্ত সময়ত সাংবাদিকগৰাকী ঘৰৰ ভিতৰতে আছিল৷ তেওঁ বোমাৰ শব্দ শুনি আৰু জুই প্ৰত্যক্ষ কৰি শংকিত হোৱা বুলি কয়৷ ইতিমধ্যে মেঘালয় আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও কোনে এই কাণ্ড সংঘটিত কৰিছে সেই কথা স্পষ্ট কৰা নাই৷