Newsnextone | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বাৰানসীত নিৰ্মীয়মান উৰণীয়া সেঁতু এখন ভাঙি পৰাত এতিয়ালৈকে ১৮ জন লোকৰ মৃত্যু ঘটাৰ লগতে ভালেমান লোক আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। নিৰ্মীয়মান সেঁতুখনৰ দুটাকৈ স্তম্ভ ভাঙি পৰাত সেঁতুখনৰ কনক্ৰিটৰ এটা বৃহৎ অংশ খহি পৰে। লগে লগে যাতায়তৰত লোকৰ যান-বাহনো সেই কনক্ৰিটৰ মাজত সোমাই পৰে। তলত থকা চাৰিচকীয়া বাহনৰ লগতে এখন বাছো কনক্ৰিটৰ ভৰত চূচুৰ্মৈ হয়।
কনক্ৰিটৰ মাজৰ পৰা তিনিজন লোকক টানি উলিয়াবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। আৱদ্ধ হৈ থকা বেছিভাগ লোক সেঁতুখনৰ কামত নিয়োজিত শ্ৰমিক বুলি অনুমান কৰা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বল (এনডিআৰএফ)ৰ পাঁচোটাকৈ দল আৱদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ যৎপৰোনাস্তি চেষ্টা চলাইছে বুলি জানিবপৰা গৈছে। দুৰ্ঘটনাস্থলিত আৰক্ষীও মোতায়েন কৰা হৈছে।
Rescue and relief operation underway at the site of #Varanasi under-construction flyover collapse incident that killed 16
— NDTV (@ndtv) May 15, 2018
Read more here: https://t.co/321tI0ruGz
( credit: ANI) pic.twitter.com/WdX5C4DdNc
উদ্ধাৰকাৰ্যত আঠখনকৈ ক্ৰেন ব্যৱহাৰ কৰা হৈছে। তদুপৰি ২০০ টন ওজন দাঙিবপৰা ক্ৰেনো মগোৱা হৈছে বুলি জানিবপৰা গৈছে। ঘটনাস্থলীত উপস্থিত বিষয়াই কোৱা মতে গেছ কাটাৰেৰে কনক্ৰিট কটা কাম কৰি থকা হৈছে আৰু আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাটোক অগ্ৰাধিকাৰ দিয়া হৈছে।
দুৰ্ঘটনাস্থলীৰ নিচেই কাষতে থাকি ভয়াৱহ দুৰ্ঘটনা প্ৰত্যক্ষ কৰা এগৰাকী প্ৰত্যক্ষদৰ্শীৰ অভিযোগ মতে এঘণ্টা পলমকৈহে সহায়ক বাহিনী উপস্থিত হৈছে। প্ৰত্যক্ষদৰ্শীগৰাকীৰ ভাষ্যমতে চাৰিখন চাৰিচকীয়া বাহন, এখন অটোৰিক্সা, এখন মিনিবাছ কনক্ৰিটৰ তলত চূচুৰ্মৈ হৈ পৰে। তাৰে এঘণ্টা পিছতহে উদ্ধাৰকাৰী বাহিনী উপস্থিত হয়।
উত্তৰ প্ৰদেশ ষ্টেট ব্ৰিজ কৰ্প’ৰেছনে ১২৯ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ২২৬১ মিটাৰ দৈৰ্ঘ্যৰ সেঁতুখনৰ আধাতকৈ বেছি নিৰ্মাণকাৰ্য সম্পন্ন হৈছিল। ৪৬ শতাংশ কাম বাকী থকা সময়তে এনে অঘটন ঘটে। ভাঙি পৰা অংশটো ফেব্ৰুৱাৰী মাহত নিৰ্মাণ কৰা হৈছিল বুলি জানিব পৰা গৈছে।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৪৮ ঘণ্টাৰ ভিতৰতে ঘটনাৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিছে। তদুপৰি উপমুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু মন্ত্ৰী নীলকণ্ঠ তিৱাৰীক ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ঘটনাৰ ততালিকে সঁহাৰি দি টুইট কৰি যোগী চৰকাৰে ঘটনাৰ তীক্ষ্ণ নিৰীক্ষণ কৰি থকা বুলি জনোৱাৰ লগতে দুৰ্ঘটনাটোত দুখ প্ৰকাশ কৰে। কংগ্ৰেছেও দুৰ্ঘটনাত পতিতসকলৰ প্ৰতি সমবেদনা যাঁচি দুখ প্ৰকাশ কৰি টুইট কৰিছে।
আকৌ ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে উদ্ধাৰকাৰ্যত সমাজবাদী পাৰ্টিৰ কৰ্মীসকলক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আহ্বান জনায়। ক্ষতিপুৰণ দি চৰকাৰে পাল নামাৰি এক উচিত অনুসন্ধান কৰাৰ পোষকতা কৰি টুইট কৰে অখিলেশ যাদৱে।
वाराणसी में पुल के हादसे में लोगों को बचाने के लिए मैं वहाँ के अपने सभी कार्यकर्ताओं से अपील करता हूँ कि वे बचाव दल के साथ पूरा सहयोग करें और सरकार से ये अपेक्षा करता हूँ कि वो केवल मुआवज़ा देकर अपनी ज़िम्मेदारी से नहीं भागेगी बल्कि पूरी ईमानदारी से जाँच करवायेगी.
— Akhilesh Yadav (@yadavakhilesh) May 15, 2018