ANI
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে নমো এপ আৰু ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মুদ্ৰা লোন যোজনাৰ লাভ্যাৰ্থী সকলক সম্বোধিত কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে মুদ্ৰা লোন যোজনাৰ সহায়ত সাধাৰণ মানুহৰ প্ৰতিভাৰ প্ৰকাশ ঘটিছে আৰু তেওঁলোক নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ৬ লাখ কোটি টকা লোন প্ৰদান কৰা হৈছে৷

মোডীয়ে কয়, মুদ্ৰা লোনে কোনো ভেদ ভাৱ নৰখাকৈ পিছপৰা অঞ্চলসমূহৰ আৰ্থিক আৰু সামাজিকভাৱে শক্তিশালী কৰা কাৰ্য সফলতা পূৰ্বক ভাৱে সম্পন্ন কৰিছে৷ মুদ্ৰা লোন লাভ কৰা লোক সকলৰ সৈতে এক বাৰ্তালাপত মোডীয়ে কয় যে, বেংকসমূহে ১২ কোটি পৰিয়ালক ৬ লাখ কোটি মুুদ্ৰা ঋণ প্ৰদান কৰিছে৷ ১২ কোটি লাভ্যাৰ্থীৰ ভিতৰত প্ৰায় ২৮ শতাংশ অৰ্থাৎ ৩.২৫ কোটি লোকে প্রথম বাৰৰ বাবে লোন গ্ৰহণ কৰি স্বাৱলম্বী হোৱাৰ বাবে উদ্যম লৈছে৷

প্রধানমন্ত্ৰীয়ে পুনৰ কয়, ‘আমি আমাৰ ক্ষুদ্ৰ উদ্যমীসকলৰ ওপৰত ভৰষা কৰিছো৷ তেওঁলোক স্বাৱলম্বী হোৱাৰ স্বাৰ্থত মুদ্ৰা যোজনাৰ সহায়ত লোন প্ৰদান কৰা হৈছে৷ মুদ্ৰা ঋণে কেৱল স্বাৱলম্বীতাৰে নিদৰ্শন দাঙি ধৰা নাই, তাৰ বিপৰীতে নিজৰ ভিতৰতে এটা সংস্থা হিচাপে নিজক গঢ় দিয়াত লোকসকলক সহায় কৰিছে৷’ 

আনহাতে পূৰ্বৰ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰৰ মাজত থকা প্ৰভেদ খিনি আঙুলিয়াই দেখুৱাই মোডীয়ে কয় যে এইখন দেশতে এনে সময়ো আছিল যেতিয়া খোদ বিত্ত মন্ত্ৰীয়ে ফোন কৰি প্ৰভাৱশালী উদ্যোগপতি সকলক লোন প্ৰদানৰ বাবে আবেদন নিবেদন কৰিছিল৷ ইফালে সাধাৰণ লোক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে লোন লৈ সূত প্ৰদান কৰোতে কৰোতে গোটেই জীৱন পাৰ কৰিব লাগিছিল৷ 

কিন্তু বৰ্তমান চৰকাৰে উদ্যোগপতিক নহয়, ক্ষুদ্ৰ ব্যৱসায়ীসকলক প্ৰধান্য দিছে৷ যাৰ ফলত নিবনুৱা সকল আৰ্থিক স্বাৱলম্বী হোৱাৰ লগতে দেশৰ আৰ্থিক উন্নয়ন সম্ভৱ হোৱাৰো অৱকাশ আহি পৰিছে৷

আনহাতে ডাঙৰ মানুহেহে লোন লৈ পলায়ন কৰে, সাধাৰণ আৰু দৰিদ্ৰ লোকে নহয় বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ ইফালে মুদ্ৰা লোন লাভ কৰা ১২ কোটি নাগৰিকৰ ভিতৰত ৫৫ শতাংশ লোন দেশৰ এছচি, এছটি, অবিচি, যুৱক আৰু মহিলাসকলে লাভ কৰিছে বুলিও উল্লেখ কৰে মোডীয়ে৷