newsnextone.com | ডিজিটেল ডেস্কঃ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য, বেংকৰ ঋণ ৰেহাই দিয়াৰ দাবীত প্ৰতিবাদ কৰিবলৈ আহি এবছৰ পূৰ্বে মধ্যপ্ৰদেশত আৰক্ষীৰ গুলিত নিহত হৈছিল ৬জনকৈ কৃষক৷ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰাৰ সময়ত প্ৰতিবাদস্থলিৰ পৰা ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত কৃষকৰ মৃত্যু হোৱা ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছিল৷ 

যোৱা এটা বছৰে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰাত প্ৰশ্ন উত্থাপন হৈছে৷ তাৰ মাজতে ৰাজ্য খনৰ কৃষি ৰাজ্য মন্ত্ৰীয়ে বিতৰ্কিত মন্তব্য আগবঢ়ায়৷ কৃষি ৰাজ্যমন্ত্ৰী বালকৃষ্ণ পাটিদাৰে তদন্তৰ প্ৰতিবেদন আহিলে মৃত্যু হোৱা কৃষক পুনৰ জীৱিত নহয় বুলি কয়৷ 

গুলীচালনাত মৃত্যু হোৱা ৬গৰাকী কৃষকৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন তিনি মাহতে দিয়াৰ কথা আছিল৷ সময় মতে তদন্ত আয়োগে প্ৰতিবেদন দিলে মৃত্যু হোৱা কৃষকে দ্বিতীয় বাৰ জীৱিত নহয় বুলি কয় মন্ত্ৰীগৰাকীয়ে৷ এয়া তদন্তৰ বিষয় আৰু প্ৰতিবেদন ওলাবলৈ সময় লাগে বুলি কয়৷ এয়া দুৰ্ঘটনা আছিল৷ যেনেদৰে ভূমিকম্প হয়৷ ইয়াৰ বাবে কাকো দোষ দিব নোৱাৰিব৷ তদন্ত গভীৰ ভাবে হৈ আছে৷

তদন্ত সমিতিক সময় লাগে৷ প্ৰতিবেদন ওলাবলৈ সময় হৈছে৷ এয়া দুখৰ ঘটনা, ইয়াৰ পূৰণ কৰিব নোৱাৰি৷ মুখ্যমন্ত্ৰীয়ে সহায় কৰিছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে৷