newsnextone.com | ডিজিটেল ডেস্কঃ চৰকাৰে ধৰ্ষণ প্ৰতিৰোধৰ বাবে নতুন নতুন আইন প্ৰনয়ণ কৰিলেও ৰোধ পোৱা নাই ধৰ্ষণ কাণ্ডৰ৷ দেশত ইটোৰ পিছত সিটোকৈ ন ন ধৰ্ষণ কাণ্ডৰ ঘটনাই সমগ্ৰ দেশ উত্তাল কৰি ৰাখিলে৷ পুৰুষৰ আসুৰিক কামনাৰ বলি হৈছে অনেক নিৰীহ যুৱতী-কিশোৰী-শিশু৷
দিল্লীত সংঘটিত হ’ল আন এক ধৰ্ষণ কাণ্ড৷ এইবাৰ গণ ধৰ্ষণৰ বলি হ’ল এগৰাকী ৩০ বৰ্ষীয় যুৱতী৷ গুৰুগ্ৰামৰ এটি শ্বপিং মলৰ সন্মুখৰ পৰা অপহৰণ কৰি নি দক্ষিণ দিল্লীৰ এটি গেষ্ট হাউচত এগৰাকী যুৱতীক গণধৰ্ষণ কৰা কাণ্ডই পুনৰ এক ৰাজধানী চহৰখন উত্তাল কৰি তোলে৷
জানিব পৰা মতে, সোমাবাৰে শ্বপিং মলত বজাৰ কৰি নিশা প্ৰায় ১১ বজাত যুৱতীগৰাকীয়ে ঘৰলৈ উভটিবৰ বাবে মলটোৰ সন্মুখত গাড়ীৰ অপেক্ষা কৰি থাকে৷ তেনে সময়তে এখন গাড়ী আহি যুৱতীগৰাকীৰ সন্মুখত ৰয়৷ কাপোৰেৰে মুখ ঢাকি ৰখা এজন যুৱকে যুৱতীগৰাকীক গাড়ীত উঠিবলৈ দি ঘৰত থৈ অহাৰ প্ৰস্তাৱ দিয়ে৷ কিন্তু যুৱতীগৰাকীয়ে গাড়ীত বহিবলৈ অস্বীকাৰ কৰাত গাড়ীৰ ভিতৰত থকা ৫ জন যুৱকে যুৱতীগৰাকীক জোৰ কৰি গাড়ীত বহুৱাই লয় আৰু সেই ঠাইৰ পৰা পলায়ন কৰে৷
দক্ষিণ দিল্লীৰ বসন্ত কুঞ্জৰ এটা গেষ্ট হাউচলৈ ৫ যুৱকে যুৱতীগৰাকীক লৈ আনে আৰু তাতেই যুৱতীগৰাকীক গণ ধৰ্ষণ কৰে পাষণ্ড যুৱক কেইজনে৷ ধৰ্ষণ সংটিত কৰাৰ পিছত এটা কোঠাৰ ভিতৰত যুৱতী গৰাকীক বাহিৰৰ পৰা আৱদ্ধ কৰি যুৱক কেইজন ওলাই যায়৷ কিন্তু সেই সময়তে ধৰ্ষতাই যন্ত্ৰণাত কৰা চিৎকাৰ বাহিৰত ৰৈ থকা এগৰাকী লোকে শুনিবলৈ পাই ততাতৈয়াকৈ দুৱাৰখন খুলি দিয়ে৷
নিৰ্যাতিতা যুৱতীগৰাকীয়ে গেষ্ট হাউচটোৰ পৰা কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয়৷ পিছত এগৰাকী বন্ধুৰ সহায়ত নিৰ্যাতিতাই বসন্ত কুঞ্জ আৰক্ষী থানাত যুৱক কেইজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷
নিৰ্যাতিতাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ধৃত ৫ যুৱকক আটক কৰে৷ আৰক্ষীয়ে যুৱক কেইজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷