newsnextone.com | ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে একেটা পৰিয়ালৰ ৭ গৰাকী সদস্যক জীৱন্তে দাহ কৰা কাণ্ডত মৃত্যুৰ শাস্তি প্ৰাপ্ত অভিযুক্তৰ শাস্তি ৰেহাইৰ আবেদন খাৰিজ কৰিছে৷ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছত ৰামনাথ কোৱিন্দলৈ প্ৰেৰণ কৰা এইখন প্ৰথম শাস্তি ৰেহাইৰ আবেদন আছিল৷ 

২০০৬ চনত বিহাৰৰ বৈশালী জিলাৰ ৰাঘোপুৰ খণ্ডত সংঘটিত হৈছিল এই বিভৎস ঘটনা৷ জগত ৰায় নামৰ ব্যক্তি এজনে গৰু চুৰি কাণ্ডৰ লগত জড়িত এক ঘটনাৰ বাবে বিজেন্দ্ৰ মাহাতো আৰু তেওঁৰ পৰিয়ালৰ ৬ সদস্যক জীৱন্তে জ্বলাই দিছিল৷

ঘটনাৰ সবিশেষ অনুসৰি, ২০০৫ চনৰ চেপ্তেম্বৰত মাহাতোই এটা গৰু চুৰি কাণ্ডৰ বিষয়ে আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছিল৷ মাহাতোই জগত ৰায়ৰ লগতে অজয় ৰায় আৰু ৱজীৰ ৰায় নামৰ লোককেইজনে গৰু চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ কিন্তু অভিযোগ দাখিল কৰাৰ পিছতে অভিযুক্ত কেইজনে বিজেন্দ্ৰ মাহাতোক অভিযোগ উঠাই ল’বলৈ ধমকি দিয়ে৷ 

কিন্তু মাহাতোই অভিযোগ উঠাই ল’বলৈ অস্বীকাৰ কৰাত জগত ৰায়ে মাহাতোৰ আৱাসত অগ্নি সংযোগ কৰে৷ যাৰ ফলত মাহাতোৰ পত্নী আৰু ৫ সন্তান জীৱন্তে অগ্নিদগ্ধ হয়৷ আনফালে গুৰুতৰ ভাৱে আহত হোৱা বিজেন্দ্ৰ মোহাতো নামৰ ব্যক্তজনেও কিছুমাহ পিছতে মৃত্যুমুখত পৰে৷

জগত ৰায়ক এই ঘটনাত দোষী সাব্যস্ত কৰা আৰু স্থানীয় আদালতে তেওঁক ফাঁচীৰ শাস্তি ঘোষণা কৰে৷ জগত ৰায়ে পিছত উচ্চ আৰু উচ্চতম আদালত আপীল কৰে যদিও উচ্চ আৰু উচ্চতম আদালতেও স্থানীয় আদালতৰ শাস্তিকে প্ৰদান কৰে৷ তাৰ পিছতে অভিযুক্তক দয়াৰ দৃষ্টিৰে চোৱাৰ অনুৰোধ কৰি অভিযোগকাৰীৰ দয়াৰ আবেদন পত্ৰ ৰাষ্ট্ৰপতিৰ সচিবালয়লৈ প্ৰেৰণ কৰা হয়৷

বিগত বৰ্ষৰ ১২ জুলাইত ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এই বিষয়ে গৃহ মন্ত্ৰণালয়ৰ পৰামৰ্শ বিচাৰে৷ তাৰ পিছতে ৰাষ্ট্ৰপতি ভৱনৰ এক বিবৃতি অনুসৰি ২০১৮ চনৰ ২৩ এপ্ৰিলত ৰাষ্ট্ৰপতিয়ে এই আবেদন খাৰিজ কৰে৷