newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৭ চনৰ ৬ জুনত আৰক্ষীৰ বৰ্বৰতাত প্ৰাণ হেৰুৱাইছিল নিজৰ অধিকাৰৰ দাবীত ৰাজপথলৈ ওলাই অহা ৬ গৰাকী প্ৰতিবাদী কৃষকে৷ আৰক্ষীৰ সেই বৰ্বৰ গুলিবৰ্ষণ কাণ্ডই আজিও দেশৰ কৃষকৰ প্ৰতি যে আৰক্ষীৰ কোনো সমীহ নাই, কোনো দয়া নাই, সেয়া সোঁৱৰাই দি আছে৷
মন্দচৌৰ গুলিবৰ্ষণ কাণ্ডৰ প্ৰথম বাৰ্ষিকী উপলক্ষে বুধবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে মধ্যপ্ৰদেশৰ মন্দচৌৰত আয়োজিত ‘কৃষক সমৃদ্ধি সংকল্প’ৰ এখন ৰেলীত উপস্থিত হয়৷ ৰাহুলে এবছৰ পূৰ্বে আৰক্ষীৰ গুলি বৰ্ষণত নিহত কৃষকৰ পৰিয়ালবৰ্গকো সাক্ষাত কৰে৷ তাৰ পিছতে তেওঁ মন্দচৌৰৰ আন এক ৰেলীত কৃষক বন্ধুক সম্বোধন কৰে৷
ৰেলীত কৃষকক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয়, ‘পঞ্জাৱৰ কংগ্ৰেছ শাসনাধীন চৰকাৰে কৃষি ঋণ মাফ কৰিছে, কৰ্ণাটকৰ সদ্য গঠিত চৰকাৰেও কৃষি ঋণ মাফ কৰিছে৷ মই এবাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ গৈ মধ্যপ্ৰদেশ আৰু উত্তৰপ্ৰদেশৰ কৃষকসকলৰ দুৰ্দশাৰ বিষয়ে উল্লেখ কৰিছিলো৷ কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মোৰ কথাত গুৰুত্ব প্ৰদান নকৰিলে৷ মোৰ সতে ভাৰতৰ কোটি কোটি কৃষকৰ আশীৰ্বাদ আছে৷ চৰকাৰে নহ’লেও আমি আপোনালোকৰ বাবে মাত মাতি যাম৷ মোডীজীয়ে আৰএছএছৰ শিক্ষাহে গ্ৰহণ কৰিছে৷’
ৰাহুল গান্ধীয়ে যদি ২০১৯ত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তেন্তে কৃষকৰ হকে প্ৰথমে চিন্তা কৰিব বুলি মন্তব্য কৰে৷ তেওঁ কয়, ‘প্ৰত্যেক জিলাতে কৃষকৰ খেতিপথাৰৰ কাষত ফুড প্ৰচেছিং ইউনিট বহুওৱা হ’ব৷ সমগ্ৰ মধ্যপ্ৰদেশ জুৰি আমি খাদ্যৰ বিপণন গঢ়ি তুলিম৷ আমি খেতি পথাৰৰ পথ সমূহ চহৰৰ সৈতে সংযোগ কৰিম৷ আপোনাৰ উৎপাদিত সামগ্ৰী যাতে ফেক্টৰীৰ পৰা চিধাই বিক্ৰী হ’ব পাৰে তাৰ ব্যৱস্থা কৰিম৷ চীনৰ সৈতে আমি খেতিৰ প্ৰতিযোগিতা চলাম আৰু চীনক মন্দচৌৰত উৎপাদিত নহৰু খুৱাম৷’
ৰাহুলে খেতিয়কক লৈ কংগ্ৰেছৰ স্বপ্ন প্ৰকাশ কৰে৷ তেওঁ ভৱিষ্যতে ভাৰতীয় খেতিয়কৰ এখন কাল্পনিক চিত্ৰ অংকণ কৰি কয়, ‘আজিৰ পৰা ৫/৬ বছৰৰ পিছত আমি যেতিয়া পুনৰ ইয়াত উপস্থিত হ’ম, আমাৰ ফোনটোত ‘মেড ইন মন্দচৌৰ’ লিখা থাকিব৷ কিন্তু এই কাম নৰেন্দ্ৰ মোডী আৰু শিৱৰাজ সিভে কৰি দেখুৱাব নোৱাৰে, এই কাম কমলনাথ আৰু সিন্ধিয়াই কৰি দেখুৱাব পাৰিব৷ আমি আপোনালোকক মিছা প্ৰতিশ্ৰুতি নিদিও৷’
তেওঁ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি চৰকাৰক তীক্ষ্ন সমালোচনা কৰে৷ মোডীক মিথ্যাচাৰী আখ্যা দি তেওঁ ৰাহুল গান্ধীয়ে কয়, ‘আপোনালোকক মোডীয়ে প্ৰতিশ্ৰুতি দিছিল যে প্ৰত্যেক বৰ্ষত ২ কোটি নিবনুৱাক কৰ্মসংস্থাপন দিব৷ আপোনালোকৰ একাউন্টত ১৫ লাখকৈ টকা ভৰাই দিব৷ ১৫ লাখ বাদ দিয়ক, সন্মুখত উপৱিষ্ট কোনো যুৱকক নৰেন্দ্ৰ মোডীয়ে ৫ টকা এটা দিছে নেকি সেয়া কওক৷ আপুনি যি ফালেই চাই কেৱল মেড ইন চাইনা লিখা থকা দেখিব৷ মোডীৰ ওচৰত যিটো টেলিফোন আছে, তাতো মেড ইন চাইনাই লিখা আছে৷ চীনৰ সেনাই ভাৰতত আক্ৰমণ চলায়, কিন্তু নৰেন্দ্ৰ মোডীৰ মুখৰ পৰা এটা শব্দও নোলায়৷’
আনহাতে দেশৰ পৰা ধন লুটি পলায়ন কৰা উদ্যোগপতি সন্দৰ্ভত ৰাহুল গান্ধীয়ে পুনৰ কয়, ‘নৰেন্দ্ৰ মোডীয়ে মেহুল চোকছিক মেহুল ভাই আৰু নীৰৱ মোডীক নীৰৱ ভাই বুলি কয়৷ নীৰৱ ভাই আৰু মেহুল ভাইক নৰেন্দ্ৰ মোডীয়ে ৩০ হাজাৰ কোটি দিলে৷ এই ধনেৰে মোডীয়ে মধ্যপ্ৰদেশৰ কৃষকৰ দুবাৰ ঋণ মাফ কৰিব পাৰিলেহেতেন৷ ভাৰতবৰ্ষৰ খেতিয়কসকলে দেশখন জীয়াই ৰাখিছে৷ সমৃদ্ধিশালী কৰিছে৷ এই দেশত খাদ্যৰ যোগান কোনো ডাঙৰ উদ্যোগপতিয়ে ধৰা নাই৷ কিন্তু দুখজনক বিষয় যে মধ্যপ্ৰদেশত এতিয়ালৈকে ১২০০ কৃষকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে৷ এজনৰ পিথ এজনকৈ মন্দচৌৰৰ কৃষকে আত্মহত্যা কৰি আছে৷ এই বিষয়ে কিন্তু মোডী চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই৷’