newsnextone.com | ডিজিটেল ডেস্কঃ এইবাৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা নহয় ইফটাৰ পাৰ্টী৷ সম্পীৰ্ণ ১০ বছৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ইফটাৰ পাৰ্টী আয়োজন নকৰাৰ ঘটনা ঘটিব৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি ডা০ এপিজে আব্দুল কালামে নিজৰ কাৰ্যকালত ইফটাৰ পাৰ্টী আয়োজন কৰা নাছিল৷

বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দেও ইফটাৰ পাৰ্টী আয়োজনৰ বিৰোধিতা কৰে৷ ৰাষ্ট্ৰপতিগৰাকীৰ মতে কোনো ৰাজহুৱা ভৱনত কৰদাতাসকলৰ ধনেৰে কোনো ধাৰ্মিক অনুষ্ঠান আয়োজন কৰাটো ভুল৷ ৰাষ্ট্ৰপতিগৰাকীৰ এই সিদ্ধান্তৰ বিষয়ে জানিবলৈ দিয়ে ৰাষ্ট্ৰপতিৰ প্ৰেছ সম্পাদক অশোক মলিকে৷

অশোক মলিকে টুইটাৰ লিখে, ‘২০১৭ চনৰ জুলাই মাহত যেতিয়া ৰাষ্ট্ৰপতি হিচাপে ৰামনাথ কোৱিন্দে পদত অধিষ্ঠিত হয়, তেতিয়া তেওঁ নিৰ্দেশ দিছিল যে ৰাষ্ট্ৰপতি ভৱন এক ৰাজহুৱা স্থান৷ গতিকে ইয়াত কৰদাতাৰ পইচাৰে কোনো ধাৰ্মিক অনুষ্ঠান আয়োজন কৰা অনুচিত৷ ইয়ে সংবিধানৰ ধৰ্ম নিৰেপক্ষ সিদ্ধান্তৰ পালন কৰা হ’ব আৰু দেশৰ সকলো উৎসৱ পৰ্বনতে এই নিয়ম লাগু হৈ থাকিব৷ লাগিলে যিয়েই ধৰ্ম নহওক৷’

প্ৰেছ সম্পাদকগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ সকলো বৃহৎ উৎসৱৰ সময়ত দেশৰ নাগৰিক সকলক শুভেচ্ছা জ্ঞাপন কৰে৷ আনহাতে ৰাষ্ট্ৰপতি ভৱনৰ সকলো অধিকাৰী আৰু কৰ্মচাৰীয়ে নিজৰ ঘৰত যিকোনো ধৰ্মৰ উৎসৱ পালন কৰাৰ অধিকাৰ লাভ কৰে বুলিও মন্তব্য কৰে অশোক মলিকে৷