newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে আৰএছএছৰ বিশেষ অনুষ্ঠানত উপস্থিত থকিব বুলি প্ৰচাৰ হোৱাৰে পৰা দেশৰ ৰাজনীতি গৰম হৈ পৰিছে৷ খোদ একালৰ সতীৰ্থ সকলে এনে কাৰ্যক মানি ল’ব খোজা নাই৷ তাৰ মাজতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ কন্যাই এই সন্দৰ্ভত মতামত ব্যক্ত কৰিছে৷

বৃহস্পতিবাৰে নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ত স্বয়ংসেৱক সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব প্ৰাক্তন ৰাষ্ট্ৰপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰণৱ মুখাৰ্জীয়ে৷ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰএছএছৰ দৰে এটা গোড়া সংগঠনৰ অনুষ্ঠানত উপস্থিত থকিব বিচৰা কাৰ্যই ইতিমধ্যে কংগ্ৰেছৰ ভিতৰচৰাত বিতৰ্কৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ 

শেহতীয়াকৈ প্ৰণৱ মুখাৰ্জীয়ে গ্ৰহণ কৰা সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক কন্যা তথা কংগ্ৰেছ নেত্ৰী শৰ্মিষ্ঠা মুখাৰ্জীয়ে৷ পিতৃৰ এই সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰে শৰ্মিষ্ঠাই৷ প্ৰনৱ মুখাৰ্জীৰ এই সিদ্ধান্তই বিজেপি তথা সংঘৰ হাতত মিছা তথ্য প্ৰচাৰৰ এটি পথ মুকলি কৰি দিয়া মন্তব্য প্ৰকাশ কৰিছে শৰ্মিষ্ঠাই৷ 

তেওঁ কৈছে, এটা সময়ত মানুহে প্ৰনৱ মুখাৰ্জীৰ ভাষণ পাহৰি যাব৷ কিন্তু সেই অনুষ্ঠানত তেওঁ উপস্থিত থকা ফটো সদায় ৰৈ যাব৷ আৰু ভৱিষ্যতে সেই ছবি ব্যৱহাৰ কৰি বিজেপি তথা আৰএছএছে মানুহক ভুল ব্যাখ্যান শুনাব৷

আৰএছএছৰ অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে অংশ গ্ৰহণ কৰাৰ সিদ্ধান্তৰ পিছতে বুধবাৰে টুইট যোগে নিজৰ আশংকাৰ কথা ব্যক্ত কৰে প্ৰণৱ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীয়ে৷ খুৱ শীঘ্ৰেই প্ৰণৱ মুখাৰ্জীয়ে বিজেপিৰ লেটেৰা ৰাজনীতিৰ বিষয়ে জানিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে শৰ্মিষ্ঠা মুখাৰ্জীয়ে৷

আনহাতে, শৰ্মিষ্ঠা মুখাৰ্জীয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ বিষয়ে ৰাজনৈতিক মহলত চলি থকা গুজৱ পোনচাটেই খাৰিজ কৰে শৰ্মিষ্ঠাই৷ এনে ভুৱা প্ৰচাৰৰ আঁৰত বিজেপিৰ হাত থকা বুলিও অভিযোগ কৰে কংগ্ৰেছৰ নেতৃ গৰাকীয়ে৷