newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নাগপুৰস্থিত মুখ্য কাৰ্যালয়ৰ এক বিশেষ অনুষ্ঠানত অংশ লোৱাৰ পিছতে ৰাজনৈতিক মহলত নতুন চৰ্চা আৰম্ভ হৈছে৷ সেয়া হৈছে, প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে সংঘৰ অনুষ্ঠানত প্ৰায় ২০ মিনিট যোৰা ভাষণৰ প্ৰসংগক লৈ৷
প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে সংঘৰ অনুষ্ঠানত প্ৰদান কৰা ভাষণত সংঘক আৰএছএছৰ ইতিহাস মনত পেলাই দিলে বেছি ভাল হ’লহেতেন বুলি মন্তব্য প্ৰকাশ কৰিছে চিপিএম-এ৷ আনফালে ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে প্ৰণৱ মুখাৰ্জীয়ে ভাষণৰ জৰিয়তে সমগ্ৰ সমাজখনক প্ৰকৃত ভাৰত হিচাপে উল্লেখিত কৰা বিষয়ৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণৰ প্ৰশংসা কৰে৷
নাগপুৰত আৰএছএছৰ অনুষ্ঠানত মুখাৰ্জীয়ে প্ৰদান কৰা ভাষণত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মাক্সবাদী কমিউনিষ্ট পাৰ্টিৰ মুখ্য সম্পাদক সীতাৰাম য়েচেৰুয়ে ভাষণত ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ হত্যাৰ বিষয়ে কিয় উল্লেখ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে৷ সীতাৰাম য়েচেৰুয়ে টুইট কৰি আৰএছএছৰ ইতিসাহ সম্পৰ্কে প্ৰণৱ মুখাৰ্জীয়ে ভাষণত উল্লেখ কৰিব লাগিছিল বুলি মন্তব্য কৰে৷
ইফালে ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণৰ সমৰ্থন জনায়৷ দলৰ জ্যেষ্ঠ নেতা ডি ৰাজাই টুইটত কয়, ‘আমি বিচৰা নাছিলো যে প্ৰণৱ মুখাৰ্জীয়ে আৰএছএছৰ অনুষ্ঠানত অংশ লোক৷ কিন্তু তেওঁ ভাষণ প্ৰসংগত যিখিনি কথা ক’লে, আমি তেওঁৰ পৰা সেয়াই আশা কৰিছিলো৷’