newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৬-২০১৭ চনৰ লগতে বৰ্তমানলৈ কিমান কৃষক আত্মহত্যা কৰিলে কেন্দ্ৰীয় চৰকাৰে তথ্য ৰাজহুৱা কৰা নাই৷ উচ্চপদস্থ বিষয়াৰ মতে ৰাজ্য চৰকাৰ সমূহে তথ্য প্ৰেৰণ নকৰাৰ বাবেই এই তথ্য প্ৰকাশ কৰিব পৰা হোৱা নাই৷
বিগত মাহত কেৱল মধ্যপ্ৰদেশ আৰু ৰাজস্থানত ৬গৰাকী কৃষকে আত্মহত্যা কৰিছে৷ দেশৰ বিৰোধীয়ে ইয়াকে লৈ চৰকাৰক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ লগে লগে চাঞ্চল্যকৰ তথ্যও প্ৰকাশ পাইছে৷ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰেয়ে ২০১৫ চনৰ পৰা কৃষকৰ আত্মহত্যাৰ কোনো তথ্য ৰাজহুৱা কৰা নাই৷ ইয়াৰ পূৰ্বে এই তথ্য প্ৰতিবছৰে প্ৰকাশ কৰিছিল নেশ্যনেল ক্ৰাইম ৰেকৰ্ডে ব্যুৰেই৷ কিন্তু ২০১৫ চনৰ পৰা এই তথ্য ৰাজহুৱা কৰা নাই৷
দেশত কৃষকৰ আত্মহত্যাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে৷ ২০১৫ চনৰ তথ্য মতে কৃষিত উৎপাদন হ্ৰাস হোৱাৰ ফলত ১৯.৫ শতাংশ কৃষকৰ মৃত্যু হৈছিল৷ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে ৩৮.৭ শতাংশ কৃষকে আত্মহত্যা কৰিছিল৷ ৰোগ, গৃহ সমস্যাৰ বাবেও বহু কৃষকে আত্মহত্যা কৰিছিল৷
২০১৫ চনত এনেবোৰ কাৰণত ৮,০০৭গৰাকী কৃষকে মৃত্যুক আকোৱালি লৈছিল৷ কৃষক শ্ৰমিকে আত্মহত্যা কৰিছিল ৪,৫৯৫গৰাকীয়ে৷ কিছু ৰাজ্যই তথ্য প্ৰেৰণ নকৰাৰ বাবেই কেন্দ্ৰই ২০১৫ চনৰ পিছত কিমান কৃষকে আত্মহত্যা কৰিলে সেই তথ্য ৰাজহুৱা কৰা নাই চৰকাৰে৷