newsnextone.com | ডিজিটেল ডেস্কঃ গোৱা কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন ৰাজ্যসভা সাংসদ শান্তাৰাম নায়কৰ শনিবাৰে পুৱা ৭ বজাত পৰোলকপ্ৰাপ্তি ঘটে৷ 

গোৱা প্ৰদেশ কংগ্ৰেছৰ মহাসচিব অল্টিনহো গোম্সে জানিবলৈ দিয়া মতে অতিৰিক্ত চিন্তাৰ চিকাৰ হোৱা ৭২ বৰ্ষীয় শান্তাৰাম নায়কৰ শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ 

ইফালে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীৰ আকস্মিক বিয়োগত কংগ্ৰেছৰ ভিতৰত শোকৰ ছাঁ পৰে৷ কংগ্ৰেছ নেতা গিৰীশ ৰায় চৌদানকৰে কয়, ‘নায়কৰ আকস্মিক বিয়োগত আমি ব্যথিত হৈছো৷ তেওঁ যুৱ প্ৰজন্মক পৰামৰ্শ প্ৰদান কৰি কংগ্ৰেছত যোগদান কৰিবলৈ প্ৰেৰণা যোগাইছিল৷ তেখেতৰ মৃত্যু পিছত দলৰ বৃহৎ ক্ষতি হ’ব৷’

কংগ্ৰেছৰ বিশ্বাসী নেতা হিচাপে খ্যাত শান্তাৰাম নায়কে ১৯৮৪ চনৰ সাধাৰণ নিৰ্বাচনত লোকসভাৰ বাবে নিৰ্বাচিত হৈছিল৷ তেওঁ গোৱাক এখন পূৰ্ণাংগ ৰাজ্য হিচাপে ঘোষণা কৰাৰ বাবেও দাবী উত্থাপন কৰিছিল৷ যাৰ ফলশ্ৰুতিত ১৯৮৭ চনত গোৱাক পূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতি দিয়া হয়৷

তেওঁ ৰাজ্যসভাত দুবাৰকৈ গোৱাক প্ৰতিনিধিত্ব কৰিছিল৷ কিন্তু ২০১৭ চনত সম্পন্ন হোৱা ৰাজ্যসভা নিৰ্বাচনত তেওঁ বিজেপিৰ প্ৰাৰ্থী বিনয় তেণ্ডুলকাৰৰ হাতত পৰাস্ত হয়৷

তেওঁ গোৱা প্ৰদেশ কংগ্ৰেছৰো অধ্যক্ষ আছিল যদিও পৰৱৰ্তী সময়ত ৰাহুল গান্ধীয়ে যুৱক সকলক আগৱাঢ়ি যাবলৈ উদগনি দি প্ৰদান কৰা ভাষণৰ পিছত শান্তাৰাম নায়কে গোৱা প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল৷

শান্তাৰাম নায়কৰ মৃত্যুত সমগ্ৰ গোৱাত শোকৰ ছাঁ পৰে৷