newsnextone.com | ডিজিটেল ডেস্কঃ দলিত নেতা তথা গুজৰাটাৰ বদগামৰ নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীক ফোন যোগে হত্যাৰ ভাবুকি প্ৰদান কৰাৰ পিছত এইবাৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা ওমৰ খালিদেও কোনো দুস্কৃতিকাৰীৰ পৰা হত্যৰ ভাবুকি লাভ কৰা বুলি দাবী কৰিছে৷
খালিদে শুকুৰবাৰে দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰি কয় যে ৰবি পুজাৰী নামৰ এজন গেংষ্টাৰে তেওঁক হত্যাৰ ভাবুকি প্ৰদান কৰিছে৷ আনহাতে ছাত্ৰনেতাজনে টুইটযোগে তেওঁৰ সুৰক্ষাৰ বাবে দিল্লী আৰক্ষীক আবেদন জনায়৷
+75397326097 नंबर से फ़ोन आया है और +60176206085 से मैसेज आया है - Yeh Jo Provocative Speeches Dena Bandh Kar Warna Tok Dunga. Umar Khalid Bi Mere Hit List Me he. yeh mere Tarpshe warning .MAFIA DON RAVI POOJARY
— Jignesh Mevani (@jigneshmevani80) June 8, 2018
উল্লেখ্য যে, ইয়াৰ পূৰ্বে শুকুৰবাৰেই জিগনেশ মেৱানীয়ে তেওঁকো ৰবি পূজাৰীয়েই হত্যাৰ ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰিছিল৷ জিগনেশ মেৱানীয়ে কল আৰু মেছেজ যোগে লাভ কৰা হত্যাৰ ভাবুকি উল্লেখ কৰি টুইট কৰে৷
‘তই যিবোৰ প্ৰৰোচনামূলক ভাষণ দিয়, সেইবোৰ দিবলৈ বন্ধ কৰ, নহ’লে তোক গুলিয়াই মাৰিম৷ ওমৰ খালিদো মোৰ হিট লিষ্টত আছে৷ এয়া মোৰ ফালৰ পৰা ৱাৰ্ণিং৷ মাফিয়া ডন ৰবি পুজাৰী৷’- এনেধৰণে জিগনেশ মেৱানীয়ে হত্যাৰ ভাবুকি লাভ কৰা বুলি শুকুৰবাৰে অভিযোগ কৰিছিল৷
Filed a complaint with @DelhiPolice regarding Ravi Pujari's death threat to Jignesh and me. He said that I am on his HIT LIST! I have asked for police protection, given the fact that this is the same person who had previously also issued similar threats of killing me in Feb 2016.
— Umar Khalid (@UmarKhalidJNU) June 8, 2018
ইফালে জেএনইউৰ ছাত্ৰ নেতা ওমৰ খালিদৰ অভিযোগৰ পিছতে দিল্লী আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বৰ্তমানে পলাতক হৈ থকা ৰবি পুজাৰীক মুম্বাইৰ আণ্ডাৰৱৰ্ল্ডৰ গেংগষ্টাৰ হিচাপে জনা যায়৷ ৰবি পুজাৰীয়ে চোটা ৰাজনৰ সৈতে লগ লাগি আণ্ডাৰৱৰ্ল্ডত প্ৰথম খোজ থৈছিল৷
পূজাৰীৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও কেইবাগৰাকীও বলীউডৰ ষ্টাৰক ভাবুকি প্ৰদান কৰাৰ অভিযোগ আছে৷ মুম্বাই আৰক্ষীয়ে ৰবি পুজাৰীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰি সন্ধান চলাই আছে৷
আৰক্ষীয়ে সন্দেহ কৰিছে যে ৰবি পুজাৰীয়ে ভাৰতৰ পৰা পলায়ন কৰি বিদেশৰ পৰা ভাৰতত বেইমানী কাম কাজসমূহ পৰিচালনা কৰি আছে৷