newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই এগৰাকী ২৫ বৰ্ষীয় যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত স্বয়ম্ভূ বাবা দাতী মহাৰাজৰ বিৰুদ্ধে লুক আউট নটিছ জাৰি কৰিছে। মঙলবাৰে অপৰাধ শাখাই এই ঘটনাৰ তদন্তৰ ভাৰ লাভ কৰিয়েই লুক আউট নটিছ জাৰি কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিৰ্যাতিতা মহিলাগৰাকীয়ে দেওবাৰে দক্ষিণ দিল্লীৰ ফটেহপুৰ বেৰী আৰক্ষী থানাত ভণ্ড বাবা দাতী মহাৰাজৰৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ তৰিছিল। 

মহিলাগৰাকীয়ে আৰক্ষীক অৱগত কৰা অনুসৰি, মহিলাগৰাকী দাতী মহাৰাজৰ শিষ্য আছিল। কিন্তু পাষণ্ড বাবাগৰাকীয়ে মহিলাগৰাকীৰ ওপৰত বাৰে বাৰে যৌন নিৰ্যাতন চলোৱাৰ পিছত মহিলাগৰাকীয়ে তেওঁৰ গৃহ চহৰ ৰাজস্থানলৈ গুছি যায়।

আনহাতে ভণ্ড বাবাই চলোৱা নিৰ্যাতনৰ বিষয়ে কাৰোবাৰ আগত প্ৰকাশ কৰিলে হত্যা কৰাৰ ভাবুকিও প্ৰদান কৰে দাতী মহাৰাজে। দুবছৰ পিছত মহিলাগৰাকীয়ে তেওঁৰ ওপৰত ভণ্ড বাবাগৰাকীয়ে চলোৱা নিৰ্যাতনৰ বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ সাহস কৰে।

ইফালে বুধবাৰে মেজিষ্ট্ৰেটৰ সন্মুখত নিৰ্যাতিতাৰ ভাষ্য গ্ৰহণ কৰা হয়। তাৰ পিছতে অভিযুক্তই যাতে দেশ ত্যাগ কৰি পলায়ন কৰিব নোৱাৰে, তাৰ বাবে লুক আউট নটিছ জাৰি কৰে।

আনফালে খ্যাতিসম্পন্ন বাবা দাতী মহাৰাজে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ খাৰিজ কৰে। তেওঁ কোনো ধৰ্ষণ কাণ্ড সংঘটিত কৰা নাই বুলি দাবী কৰি আৰক্ষীৰ তদন্তত তেওঁ সম্পূৰ্ণ সহযোগ আগবঢ়াব বুলিও মন্তব্য কৰে৷