newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে সন্ধিয়া দক্ষিণ কাশ্মীৰৰ পৰা এগৰাকী আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হদছ মেলেনি নামৰ আৰক্ষী বিষয়াগৰাকীৰ বৃহস্পতিবাৰেও সন্ধান লাভ কৰা নাই৷
জানিব পৰা মতে, কাশ্মীৰৰ পুলয়োয়ামাৰ এছঅজিত কৰ্মৰত হদিছ মেলেনি নামৰ আৰক্ষী বিষয়াগৰাকীক বুধাবাৰে সন্ধিয়া তেওঁৰ বাসগৃহৰ সন্মুখৰ পৰাই কোনো দুস্কৃতিকাৰীয়ে অপহৰণ কৰি লৈ যায়৷ সন্ধিয়া কৰ্তব্যৰ পৰা ঘৰলৈ উভটি যোৱৰ পিছতে এই ঘটনা ঘটে৷
আৰক্ষী বিষয়াগৰাকী অপহৰণ হোৱা বুলি জানিব পৰাৰ পিছতে অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰা হয়৷ আৰক্ষী বিষয়াগৰাকীৰ সন্ধানত আৰক্ষী-সেনাই ক্ষীপ্ৰতাৰে অভিযান চলাই আছে যদিও এই পৰ্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহোৱা বুলি জানিব পৰা গৈছে৷