প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | ডিজিটেল ডেস্কঃ ৰমজান ঈদলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকা সময়তে জম্মু-কাশ্মীৰত ঈদৰ উচাহ ম্লান কৰে সন্ত্ৰাসবাদীয়ে। ইটোৰ-পিছত সিটো আক্ৰমণ অশান্ত কৰে ৰাজ্য খনক। ফলত ম্লান পৰে ঈদৰ উছাহ।

জম্মু-কাশ্মীৰত প্ৰায় একেৰাহে কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হোৱাত জম্মু-কাশ্মীৰত পৰিস্থিতি বিষময় হৈ পৰা পৰিলক্ষিত হৈছে৷ 

পবিত্ৰ ৰমজান মাহ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ কিন্তু ৰাজ্যখনত এটাৰ পিছত এটাকৈ সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ গৈ ৰাজ্যখনত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ 

বৃহস্পতিবাৰে জম্মুৰ শ্ৰীনগৰৰ বান্দিপোৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে শুকুৰবাৰে পুনৰ সন্ত্ৰাসবাদীৰ এট দলে শ্ৰীনগৰ আৰক্ষী শিবিৰলৈ লক্ষ্য কৰি আক্ৰমণ চলায়৷ এই আক্ৰমণত দুগৰাকী আৰক্ষী জোৱান আৰু এগৰাকী স্থানীয় লোক গুৰুতৰভাৱে আহত হয়৷

উল্লেখ্য যে, বৃহস্পতিবাৰে বান্দিপোৰ এলেকাত সন্ত্ৰাসবাদী আৰু সেনা-আৰক্ষীৰ মাজত তুমুল সংঘৰ্ষ হয়৷ ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ গুলিবৰ্ষণৰ প্ৰত্যুত্তৰ দিয়াত দুজন সন্ত্ৰাসবাদী নিহত হয়৷ ইফালে সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন সেনা জোৱানো নিহত হয়৷

জম্মু-কাশ্মীৰত ৰমজান মাহৰ সময়ত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান স্থগিত ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত সুৰক্ষাৰ স্বাৰ্থত সেনা-অৰ্ধ সামৰিক বাহিনীয়েও প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈ পৰে৷ 

ইপিনে শ্ৰীনগৰত এগৰাকী কাকতৰ সম্পাদকক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে৷ বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ বলি হয় সাংবাদিকগৰাকী৷ 

শ্ৰীনগৰৰ প্ৰেছ কলনিত স্থানীয় ৰাইজিং কাশ্মীৰ কাকতৰ সম্পাদক চুজাত বুখাৰীক গুলীয়াই নিৰ্বিঘ্নে আতৰি যায় সন্ত্ৰাসবাদী৷ ততাতৈয়াকৈ হস্পিতালত নিয়া যদিও চিকিৎসকে মৃত্যু হয়৷

আনহাতে, বুধবাৰে অপহৰণৰ প্ৰায় ২৪ ঘণ্টাৰ অন্তত উদ্ধাৰ হ’য় ভাৰতীয় সেনা জোৱানৰ মৃতদেহ৷ ঔৰংজেৱ নামৰ সেনা জোৱানজনক বুধবাৰে ৰাজপথৰ পৰা অপহৰণ কৰি নিছল সন্ত্ৰাসবাদীয়ে৷ কাশ্মীৰৰ পুলৱমাৰ পুৰণা মোগল পথৰ সেনা জোৱানজনক অপহৰণ কৰাৰ সন্দেহ কৰা হৈছিল৷ অপহৰণ কাণ্ড সংঘটিত হোৱা ঠাইৰ পৰা কেইবা কিঃ মিঃ নিলগত জোৱান জনৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হয়৷