newsnextone.com | ডিজিটেল ডেস্কঃ আমৰণ অনশনৰ মাজতে গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈন৷ ততাতৈয়াকৈ লোকনায়ক হস্পিতালত ভৰ্তি কৰা হয় জৈনক৷ যোৱা ১১ জুনৰ পৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ-মুখ্যমন্ত্ৰী মণীষ সিসোডিয়া সহ ৰাজভৱনত আমৰণ অনশনত বহি আছিল জৈনে৷ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আপ নেতা সঞ্জয় সিঙে সত্যেন্দ্ৰ সিঙক চিকিৎসালয়ত ভৰ্তি কৰা বুলি টুইট কৰে৷
#Delhi Health Minister Satyendra Kumar Jain has been admitted to Lok Nayak Jai Prakash Narayan Hospital. He was on a sit-in strike at Raj Niwas, the official residence of Lieutenant Governor Anil Baijal, since June 11. pic.twitter.com/rOy5FH34bA
— ANI (@ANI) June 17, 2018
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ-মুখ্যমন্ত্ৰী মণিষ সিসোডিয়া, স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে ৰাজভৱনত ধৰ্ণা কাৰ্যসূচী পালন কৰাৰ ৭ দিন অতিক্ৰম কৰিলে৷ দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যদা দিয়া, উচ্চ পদস্থ বিষয়াৰ অঘোষিত কৰ্মবিৰতি পৰিহাৰ কৰা, ৰাজহুৱা যোগান ব্যৱস্থাৰ সামগ্ৰী গৰীৱক ঘৰে ঘৰে যোগান ধৰিব খোজা আঁচনিত ৰাজ্যপালৰ অনুমতি, বিনামূলীয়া ইণ্টাৰনেত সেৱা আৰম্ভ কৰিব খোজা আঁচনিত ৰাজ্যপালৰ অনুমতি আদি বিষয়ক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ আৰু আন আন বিধায়কে উপ-ৰাজ্যপালৰ কাৰ্যালয়ত ধৰ্ণাত বহে৷ ধৰ্ণাই ৭ দিনত ভৰি দিলে৷
তাৰ মাজতে দেওবাৰে আম আদমি পাৰ্টিয়ে আন্দোলন ঘোষণা কৰে৷ দিল্লীৰ ৰাইজক আম আদমি পাৰ্টিয়ে জনোৱা সহাৰিক সমৰ্থ জনাই পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ একত্ৰিত হয়৷ প্ৰথমে আম আদমি পাৰ্টিৰ হাজাৰ হাজাৰ সমৰ্থক দিল্লীৰ মন্দি হাউচলৈ ৰেলী উলিয়াই৷ মন্দি হাউচৰ পৰা সংসদ মাৰ্গলৈ ৰাওনা হয় যদিও আৰক্ষীয়ে কোনো কাৰণত সংসদ মাৰ্গৰ পৰা আগলৈ যাব নিদিয়াৰ কথা স্পষ্ট কৰে৷ আনহাতে প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে৷