লালুকঃ লালুকৰ উত্তৰ দিশৰ এক বৃহৎ অঞ্চলৰ যোগাযোগৰ অন্যতম লালুকৰ পৰা বালিগাওঁ হৈ ঢেকিয়াজুলি সংযোগী গড়কাপ্টানি পথটোৰ দুৰৱস্থাই ৰাইজক বিগত দুবছৰ ধৰি জীয়াতু ভোগাই আহিছে৷ উত্তৰ লালুকৰ এটা বৃহৎ অংশ সামৰি থকা গাভৰু নৈ বাঢ়নী পানীয়ে দুবছৰৰ পূৰ্বেই উক্ত পথটোৰ কেইবা ঠাইত ছিঙি পেলাইছিল৷
গড়কাপ্টানি বিভাগে বানৰ সময়ত আংশিক মেৰামতি কৰিয়েই নিজৰ দায়িত্ব সামৰাৰ পাছত কিন্তু খৰালি কোনো ব্যৱস্থা নকৰিলে৷ যোৱা বৰ্ষতো বাঢ়নী পানীয়ে পথটোত থকা এটা কালভাৰ্টৰ একাংশ পথ ছিঙি উটুৱাই নিয়ে৷ ফলত বিগত সময়ছোৱাত পথটোৰে যাতায়ত বন্ধ হৈ আছিল।
কেইডালমান জইচ পাৰি সাধাৰণভাৱে যাতায়ত কৰিছিল যদিও যান-বাহন পাৰ কৰিব পৰা নাছিল৷ গড়কাপ্টানি বিভাগৰ অধীনস্থ পথ হেতুকে কোনো ধৰণৰ পুঁজি গাওঁ পঞ্চায়তে খৰছ নকৰাত ৰাইজে গাভৰু জিলা পৰিষদ সদস্যা জোনমনি বৰুৱাৰ কাষ চাপে৷
সদস্যাগৰাকীয়ে বিষয়টো সন্দৰ্ভত বিভাগৰ লগত যোগাযোগ কৰি কোনো সুদুত্তৰ নাপায় নিজাকৈ খৰছ বহন কৰিয়েই মেৰামতি কৰি দিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে৷ সেই অনুসৰি আজি উক্ত ছিঙা অংশৰ মেৰামতিৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী লৈ ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে শ্ৰমদান আগবঢ়ায়৷
বাহ, বস্তা আৰু মাটিৰে ছিঙা অংশতো ভালকৈ নিৰ্মাণ কৰি যাতায়তৰ সূচল কৰি তোলে৷ শ্ৰমদানত উত্তৰ লালুক গাওঁ পঞ্চায়তৰ ৰঙাজান ৱাৰ্ডৰ সদস্য মনচুৰ আলি, কৰুণাবাৰী উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা জিতেন ফুকন উপস্থিত থাকে৷ ইফালে গাভৰু জিলা পৰিষদৰ সদস্যাগৰাকীৰ মহানুভৱতাক ৰাইজে শলাগ লৈছে৷