গুৱাহাটীঃ অসম সাহিত্য সভাত নতুনত্ব অনাৰ দাবীৰে পুনৰ সভাপতিৰ আসনত বহিব বুলি আজি এখন সংবাদমেল যোগে ঘোষণা কৰে ডা° ধ্ৰুৱজ্যোতি বৰাই। সাহিত্য সভাৰ অধিৱেশনৰ কিমান প্ৰয়োজনীয়তা আছে বুলি প্ৰশ্ন উত্থাপন কৰি বৰাই কয়, 'সাহিত্য সভালৈ বৌদ্ধিক কাম কাজ কৰাৰ বাবে পুনৰ সভাপতিৰ দায়িত্ব লবলৈ আগবাঢ়ি আহিছো'।

♦ পুনৰ সভাপতি হ'ব ডা০ বৰা

♦ সভালৈ উভতিল পৰমানন্দ ৰাজবংশী

♦ নতুনত্ব অনাৰ প্ৰতিশ্ৰুতি বৰাৰ

লগতে এন আৰ চি সন্দৰ্ভতো অসন্তুতি প্ৰকাশ কৰি ভিত্তিবৰ্ষ ১৯৭১ চনহে হ'ব লাগে বুলি মন্তব্য কৰে বৰাই।১৯৫১ চনক ভিত্তিবৰ্ষ কৰাতো সম্পূৰ্ণ ভিত্তিহীন বুলিও আখ্যা দিয়ে বৰাই।

আনহাতে একাংশ প্ৰাক্তন বিষয়ববীয়াই সাহিত্য সভা ভংগ কৰিব বিছাৰিছিল বুলি অভিযোগ কৰে বৰাই।লক্ষণীয় যে সাহিত্য সভাৰ বিগত শতবৰ্ষ অধিৱেশনৰ প্ৰাকক্ষণত প্ৰধান সম্পাদক পৰমানন্দ ৰাজবংশীকে ধৰি একাংশ বিষয়ববীয়া তুমুল বিতৰ্কত সাঙোৰ খাই পৰে।

সভাৰ এজন প্ৰাক্তন কৰ্ৰমচাৰীৰ আত্মহত্যাৰ গোচৰত পৰমানন্দ ৰাজবংশীৰ নাম সোমাই পৰে। এনেদৰে জাতীয় অনুষ্ঠানটি ধ্বংসৰ পথলৈ অগ্ৰসৰ হোৱাত সাহিত্য সভাৰ চাৰিগৰাকী প্ৰাক্তন সভাপতি ক্ৰমে ড° লক্ষ্মীনন্দন বৰা, ড° বীৰেন্দ্ৰনাথ দত্ত, হোমেন বৰগোহাঞি আৰু কনকসেন ডেকাই সভাখনক ৰখাৰ বাবে আগবাঢ়ি আহে।

ফলত পৰিস্থিতি বিষম দেখি ডা°ধ্ৰবজ্যোতি বৰাই সভাপতিৰ পদ ত্যাগ কৰাৰ লগতে ড° পৰমানন্দ ৰাজবংশীয়েও প্ৰধান সম্পাদক পদৰ পৰা অব্যাহতি লয়। এনেকৈয়ে শতবৰ্ষ অধিৱেশন পাৰ হয়। সম্প্ৰতি এই দুই বিতৰ্কিত কাণ্ডাৰীয়ে কৌশলেৰে জাতীয় অনুষ্ঠানটি কুক্ষিগত কৰি নিজৰ নিৰ্লজ্জ চৰিত্ৰ উদঙাই দিয়া বুলি সচেতন মহলে মন্তব্য কৰিছে।

যোৰহাটৰ সংবাদদাতাৰ সংযোজনঃ অসম সাহিত্যৰ প্ৰধান সম্পাদকৰ দায়িত্ব পুনৰ গ্ৰহণ কৰিব বিতৰ্কিত পৰমানন্দ ৰাজবংশীয়ে। সাহিত্য সভাৰ মজিয়াত বিভিন্ন বিতৰ্কৰ সৃষ্টি কৰা পৰমাই ৫ মে’ত পুনৰ সভাৰ প্ৰধান সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিব বুলি সোমবাৰে এক অনুষ্ঠানত জানিবলৈ দিয়ে।

সভাৰ সদ্য পদত্যাগী সভাপতি ধ্ৰুৱজ্যোতি বৰাৰ সৈতে পুনৰ একেলগে কাম কৰি যাব বুলি উল্লেখ কৰাৰ লগতে প্ৰাগজ্যোতিষ কলেজৰ প্ৰবক্তা আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ দায়িত্ব সমানেই পালন কৰিব বুলিও মন্তব্য কৰে বিতৰ্কিত পৰমাই।

উল্লেখ্য যে অলপতে অনুষ্ঠিত এখন কাৰ্যনিবাহকত ধ্ৰুৱজ্যোতি বৰা আৰু পৰমানন্দ ৰাজবংশীক পুনৰ দায়িত্ব লোৱাৰ পৰামৰ্শ দিছিল সভাই। কিন্তু বৰাই কৌশলী মন্তব্যৰে দায়িত্ব গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।