প্ৰতিকী ফটো
প্ৰতিকী ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ নামত পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰীক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাৰ ঘটনা সহজলভ্য হৈ পৰিছে৷ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ অচিলা লৈ অধিক কিতাপ-বহীৰ মেটমৰা বোজা কঢ়িয়াবলৈ ছাত্ৰ-ছাত্ৰীক বাধ্য কৰোৱাৰ লগতে পোছাক, চুলিৰ ষ্টাইল আদিক লৈও সচেতনতা অৱলম্বন কৰাৰ নামত ছাত্ৰ-ছাত্ৰীৰ ওপৰত অনাহক কিছুমান নীতি-নিয়ম বান্ধি দিয়া পৰিলক্ষিত হয়৷

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ পুনেৰ এখন বিদ্যালয়ে যেন শিক্ষাৰ নামত ছাত্ৰ-ছাত্ৰীৰ নূন্যতম অধিকাৰখিনিও ধ্বংস কৰাত উঠিপৰি লাগিছে৷ পুনেৰ এমআইটি বিদ্যালয়ে এইবাৰৰ ছাত্ৰীৰ অন্তৰ্বাসৰ ৰং নিৰ্ধাৰণ কৰি দিছে৷ যাৰ পিছতেই বুধবাৰে বিদ্যালয়ৰ নিৰ্দেশিকাৰ বিৰুদ্ধে শিক্ষাৰ্থী আৰু অভিভাৱকসকলে বিক্ষোভ প্ৰদৰ্শন কৰে৷

কেৱল অন্তৰ্বাসৰ ৰঙেই নহয়, বিদ্যালয়খনৰ ছাত্ৰীয়ে কিমান দীঘল স্কাৰ্ট পৰিধান কৰিব লাগিব সেয়াও বিদ্যালয়খনে নিৰ্দেশনাত জাৰি কৰিছে৷ আনহাতে, ছাত্ৰ-ছাত্ৰীসকলে শৌচাগাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো নিয়ম বান্ধি দিছে এমআইটিয়ে৷ বিদ্যালয়ৰ জিৰণিৰ বাহিৰে আন সময়ত শৌচাগাৰ ব্যৱহাৰত ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে বিদ্যালয় কৰ্তৃপক্ষই৷ 

বিদ্যালয়খনৰ এনে অদ্ভূত নিয়ম প্ৰৱৰ্তনক লৈ ক্ষোভ প্ৰকাশ কৰা এগৰাকী অভিভাৱকে জানিবলৈ দিয়া মতে, বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰী সকলক বগা অথৱা চালৰ বৰণৰ অন্তৰ্বাস পৰিধান কৰিবলৈ নিৰ্দেশ দিছে৷ আনহাতে, বিদ্যালয়খনে জাৰি কৰা নতুন চৰ্তসমূহ কেৱল মৌখিক ভাৱেই নহয়, নিৰ্দেশনা পত্ৰ যোগেও প্ৰকাশ কৰা হৈছে৷ 

নিৰ্দেশনা পত্ৰত বিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি যদি কোনো ছাত্ৰীয়ে বিদ্যালয়ৰ এই নিয়ম উলংঘন কৰে, তেন্তে সেই ছাত্ৰীৰ বিৰুদ্ধে বিদ্যালয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব৷   

আনফালে, শিক্ষাৰ্থী আৰু অভিভাৱকৰ বিক্ষোভ আৰু ছাত্ৰী সকলৰ অন্তৰ্বাসক লৈ প্ৰৱৰ্তন কৰা নতুন নিয়মক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে এমআইটি গ্ৰুপ অৱ ইনষ্টিটিউটৰ মুখ্য পৰিচালক সুচিত্ৰা কাৰাদে এই বিষয়ে ভিন্ন মত পোষণ কৰা পৰিলক্ষিত হৈছে৷ 

মুখ্য পৰিচালক সুচিত্ৰা কাৰাদে বিদ্যালয়ৰ নিৰ্দেশিকাৰ আঁৰত কোনো ভুল উদ্দেশ্য নাছিল বুলি মন্তব্য কৰি পূৰ্বে বিদ্যালয়খনত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনা কিছুমানৰ বাবেই কৰ্তৃপক্ষই এনে নতুন নিৰ্দেশ জাৰি কৰিবলৈ বাধ্য হোৱা বুলি দাবী কৰে৷