newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ চোপিয়ানৰ পৰা অপহৰণ কৰা আৰক্ষী কনিষ্টবল জাভেদ আহমদ ডাৰৰ মৃতদেহ শুকুৰবাৰে পুৱা কুলগামৰ পৰিবানত উদ্ধাৰ হয়৷ অপহৰণ হৈ থকা আৰক্ষী কনিষ্টবলগৰাকীৰ দেহত গুলীৰ চিন প্ৰত্যক্ষ কৰি তেওঁক সন্ত্ৰাসবাদীয়ে হত্যা কৰা বুলি আৰক্ষী নিশ্চিত হয়৷

২৭ বৰ্ষীয় জাভেদ বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল৷ কনিষ্টবলগৰাকীয়ে নিজ বাসগৃহৰ কাষৰ এখন ফাৰ্মাচীৰ পৰা ঔষধ আনিবলৈ যোৱা সময়তে বৃহস্পতিবাৰে সন্ধিয়া কেইগৰাকীমান বন্দুকধাৰী সন্ত্ৰাসবাদীয়ে তেওঁক অপহৰণ কৰি নিছিল বুলি জানিব পৰা গৈছে৷

আৰক্ষী সূত্ৰই জনোৱা মতে বৃহস্পতিবাৰে পুৱাৰ পৰা কেইজনমান অজ্ঞাত সন্ত্ৰাসবাদীয়ে জাভেদ আহমদ ডাৰৰ বাসগৃহৰ সন্মুখত ঘুৰা পকা কৰি আছিল৷ জানিব পৰা মতে, জাভেদ আহমদ ডাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক শালিন্দৰ মিশ্ৰাৰ ব্যক্তিগত সুৰক্ষা কৰ্মী হিচাপে নিয়োজিত আছিল৷

ইফালে ৰাজ্য খনত যোৱা এটা মাহৰ ভিতৰত সন্ত্ৰাসবাদীয়ে আৰক্ষী জোৱানক অপহৰণ কৰি হত্যা কৰাৰ ,ঘটনা এয়া দ্বিতীয়বাৰৰ বাবে ঘটে৷ ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে কনিষ্টবল ঔৰংগজেৱক অপহৰণ কৰি পিছত হত্যা কৰিছিল৷ সেনা বাহিনীৰ ৪৪ ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱান ঔৰংগজেৱে ঈদৰ বন্ধ লৈ ঘৰলৈ উভটাৰ সময়তে সন্ত্ৰাসবাদীয়ে তেওঁক অপহৰণ কৰিছিল৷