newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৯ চনৰ গণতন্ত্ৰ দিৱসত অতিথি হিচাপে অংশ গ্ৰহণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প৷ ইতিমধ্যে ভাৰতে নিমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছে আমেৰিকা প্ৰশাসনক৷ টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত খবৰ মতে, ভাৰতে অহা বছৰ ২৬ জানুৱাৰীত পালন কৰিব লগীয়া গণতন্ত্ৰ সমাৰোহত ডনাল্ড ট্ৰাম্পক আমন্ত্ৰণ জনাবৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে৷ 

বিগত এপ্ৰিল মাহত প্ৰেৰণ কৰা নিমন্ত্ৰণী পত্ৰ সন্দৰ্ভত বিবেচনা কৰি আছে হোৱাইট হাউছ প্ৰশাসনে৷ জানিব পৰা মতে, ডনাল্ড ট্ৰাম্পে এই নিমন্ত্ৰণ স্বীকাৰ কৰিব পাৰে৷ ইয়াৰ পূৰ্বে ২০১৫ বৰ্ষত গণতন্ত্ৰ দিৱসত আমেৰিকাৰ ৰাষ্ট্ৰপতি বৰাক অ’বামা উপস্থিত আছিল৷ অ’বামাই পত্নী মিছেল অ’বামাৰ সৈতে উপস্থিত আছিল৷ ২০১৬ চনত আবু ধাবীৰ প্ৰিন্স মহম্মদ বিন জঈদ উপস্থিত আছিল৷ আমেৰিকা আৰু এছিয়াৰ দেশৰ মাজত ট্ৰাম্পক লৈ সম্পৰ্ক ভাল নোহোৱাৰ পিছতোঁ ট্ৰাম্পে ভাৰতৰ গণতন্ত্ৰ দিৱসত উপস্থিত থাকিব নে নাই সেয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷