newsnextone.com | গুৱাহাটীঃ ২১ ঘণ্টা শিলচৰ বিমান বন্দৰত অতিবাহিত কৰি অৱশেষত কলকাতাত উপস্থিত হ'ল তৃণমূল কংগ্ৰেছৰ সাংসদ, মন্ত্ৰী আৰু বিধায়কৰ দল। দলটোৰ ৬ গৰাকী কলকাতাত উপস্থিত হোৱাৰে বিপৰীতে দুজনে পোনে পোনে দিল্লীত উপস্থিত হ'ব। কলকাতাত উপস্থিত হৈয়ে দলটোৱে অসম আৰক্ষীয়ে দলটোক প্ৰহাৰ কৰাৰ লগতে দেশৰ গণতন্ত্ৰ বিপন্ন হোৱাৰ অভিযোগ উত্থাপন কৰে।
পুৱা ৭.৪০ মিনিটত শিলচৰ বিমান বন্দৰৰ পৰা পৰা উৰা মৰা বিমানত ৯ বজাত উপস্থিত হয় কলকাতাত। দমদম বিমান বন্দৰত উপস্থিত হৈ ফিৰহাদ হাকিম, কাকলি ঘোষ দস্তিতাৰ, সুখেন্দু শেখৰ ৰায়ে অসমৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ কৰে।
অসমৰ অসহায় মানুহৰ আমি লগ ধৰিব খবৰ লবলৈ গৈছিলো বুলি কয়। ভাৰতবৰ্ষ সকলোৰে। সাংসদৰ সকলো ঠাইত যোৱাৰ অধিকাৰ আছে। তাত আমাক অন্যায় ভাৱে আবদ্ধ কৰি ৰাখিছে। যিসকলৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে তেওঁলোকে অসমত ন্যায় নাপাব। তেওঁলোকে তাত প্ৰতিবাদো কৰিব নোৱাৰিব। মন্ত্ৰী, সাংসদ, বিধায়কক যত মাৰধৰ কৰা হৈছে। অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ অসমলৈ অহা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত তৃণমূলৰ প্ৰতিনিধিয়ে কয় যে বিজেপিয়েহে সকলোতে হিংসা বৃদ্ধি কৰে। আমি সাম্প্ৰদায়িক সম্প্ৰীতিত বিশ্বাসী।
কাকলি ঘোষে কয় যে ভাৰতত আইন আছে নে সন্দেহ আছে। যেনেদকে অসমত সাংসদ বিধায়ক আৰু মন্ত্ৰীক শাৰিৰীক ভাৱে প্ৰহাৰ কৰা হ'ল তাৰ দ্বাৰা প্ৰমাণ হয় দেশৰ গণতন্ত্ৰ বিপন্ন হৈছে। ১৪৪ ধাৰা আছিল কিন্তু আমি লগত অস্ত্ৰ লৈ যোৱা নাছিলো। আমাক সোধ-পোছ কৰা হ'ল। এই ক্ষেত্ৰত আমি এক সিদ্ধান্ত ল'ম।
উল্লেখ্য যে, এনআৰচিৰ সম্পূৰ্ণ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰাৰ বিষয়ত সক্ৰিয় ভূমিকা আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহা তৃণমূল কংগ্ৰেছৰ সাংসদ আৰু বিধায়কৰ এটা প্ৰতিনিধি দল ২ আগষ্টত বৰাক উপত্যকাত উপস্থিত হৈছিল। দলটোৱে একাংশ বঙালী সংগঠনৰ নেতাৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছিল।
এনআৰচিৰ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰা বিষয়ত বিৰোধিতা কৰি অসমলৈ অহা তৃণমূল কংগ্ৰেছৰ ৬ জন সাংসদ আৰু দুজন বিধায়ক সহ প্ৰতিনিধি দলক শিলচৰত আৰক্ষীয়ে আটক কৰে। দলটোৰ সৈতে দুগৰাকী পশ্চিম বংগৰ এগৰাকী মন্ত্ৰী আৰু এগৰাকী বিধায়কক আটক কৰে অসম আৰক্ষীয়ে।
দলটোৱে বিমান যোগে আহি শিলচৰ বিমানবন্দৰত ভৰি থোৱাৰ পিছতে অসম আৰক্ষীয়ে আটক কৰে।অসম আৰক্ষীয়ে অসমৰ শেহতীয়া পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকাতে আটক কৰা বুলি জানিব পৰা গৈছে। শিলচৰ প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰে। সাংসদ আৰু বিধায়কৰ দলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষীৰ সৈতে তৰ্কাতৰ্কি কৰিব লগা হোৱাৰ লগতে কৰ্তব্যৰত আৰক্ষীৰ গাত হাত দিয়াৰ অভিযোগ উত্থাপন হয়।
মহিলা আৰক্ষীক প্ৰহাৰ কৰাৰ অভিযোগত ৬ সাংসদক আৰু এগৰাকী পশ্চিম বংগ চৰকাৰৰ মন্ত্ৰীক আৰু এগৰাকী বিধায়িকাক আটক কৰে। আৰক্ষীৰ লোকৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই তৃণমূলৰ সাংসদ মমতা বালা ঠাকুৰ, সুখেন্দু শেখৰ ৰায়, কাকলি ঘোষ দস্তিদাৰ, ৰত্না দে, নাদিমুল হক আৰু অৰ্পিতা ঘোষ, পশ্চিম বংগৰ মন্ত্ৰী ফিৰহাদ হাকিম আৰু বিধায়িকা মহুৱা মৈত্ৰক আনুষ্ঠানিক ভাৱে আটক কৰিছিল। প্ৰথমে তেওঁলোকক গুৱাহাটীলৈ আহিবলৈ আৰু দ্বিতীয়তে শুকুৰবাৰে পুৱা দলটোক কলকাতা অভিমুখে যাবলৈ অসম আৰক্ষীয়ে আহ্বান জনাইছিল।
শিলচৰ বিমান বন্দৰৰ ভিতৰত বিধায়িকা মহুৱা মৈত্ৰই মহিলা আৰক্ষীক প্ৰহাৰ কৰা দৃশ্য অসমৰ সংবাদ মাধ্যমৰ কেমেৰাত আবদ্ধ হৈছিল। সংবাদ মাধ্যৰ দৃশ্যৰ ভিত্তিতে তদন্ত কৰি অসম আৰক্ষীয়ে আটাইকেইজনকে আটক কৰে।
প্ৰথমে অসম আৰক্ষীয়ে তেওঁলোকক আবদ্ধ কৰি ৰাখিছিল যদিও অসমৰ আৰক্ষীয়ে অৱশেষত আনুষ্ঠানিক ভাৱে আটক কৰে। তৃণমূলৰ সাংসদ মমতা বালা ঠাকুৰ, সুখেন্দু শেখৰ ৰায়, কাকলি ঘোষ দস্তিদাৰ, ৰত্না দে, নাদিমুল হক আৰু অৰ্পিতা ঘোষ, পশ্চিম বংগৰ মন্ত্ৰী ফিৰহাদ হাকিম আৰু বিধায়িকা মহুৱা মৈত্ৰই শিলচৰ বিমান বন্দৰত ধৰ্মঘটত বহিছিল।
জানিব পৰা মতে, শিলচৰ বিমান বন্দৰৰ পৰাই তেওঁলোকে বিমানত উঠাই দি পঠিয়াই দিব খুজিছিল অসম আৰক্ষীয়ে। ইপিনে দুগৰাকী মহিলা সাংসদক আৰক্ষীয়ে মাৰধৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে সাংসদৰ দলটোৱে। দলটোক কোনো লোকক সাক্ষাতৰ অনুমতি নিদিলে অসম আৰক্ষীয়ে।
পশ্চিম বংগৰ তৃণমূলৰ সাংসদক অসমত মাৰধৰ কৰা বুলি পশ্চিম বংগৰ সংবাদ মাধ্যমত বাতৰিও প্ৰকাশ পাইছে। অসমৰ পৰিবেশ উত্তপ্ত হৈ পৰা বুলি প্ৰচাৰ চলাব বিচাৰ হৈছে। একাংশ বঙালী সংবাদ গোষ্ঠীয়ে অসমত বিমান বন্দৰত পশ্চিম বংগৰ সাংসদক মাৰধৰ কৰা বুলি প্ৰচাৰ কৰে। কিন্তু প্ৰকৃততে তৃণমূল কংগ্ৰেছৰ দলটোক বিমান বন্দৰত অসম আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল।