newsnextone.com | ডিজিটেল ডেস্কঃ তামিলনাডুৰ ৫ বাৰৰ মুখ্যমন্ত্ৰী ৯৪ বছৰীয়া এম কৰুণানিধিৰ মঙলবাৰে চেন্নাইৰ কাবেৰী হস্পিতালত মৃত্যু হয়। মঙলবাৰে নিশাই তেওঁৰ নশ্বৰদেহ চেন্নাইৰ ৰাজাজী হ'ললৈ নিয়া হয় আৰু তাত নশ্বৰদেহ ৰখা হয়। বুধবাৰৰ পুৱাৰ পৰা কৰুণানিধিৰ নশ্বৰদেহ দৰ্শনৰ ব্যৱস্থা কৰে প্ৰশাসনে।
বুধবাৰে পুৱাৰে জনতাৰ নেতাক এবাৰ দৰ্শন কৰাৰ বাবে হাজাৰ হাজাৰ লোকেৰে ভৰি পৰে চেন্নাইৰ ৰাজাজী হ'লৰ সন্মুখত। তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিভিন্ন নেতাই উপস্থিত হৈ শেষ শ্ৰদ্ধা যাচে কৰুণানিধিক।
ৰাজ্যৰ খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকক নিযন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰে আৰক্ষীয়ে। ফলত কিছু সময়ৰ বাবে দৰ্শন আৰু শেষ শ্ৰদ্ধা অনুষ্ঠান স্থগিত ৰাখিব লগা হয়। অনুষ্ঠান স্থগিত ৰখাত ৰাইজে দেৱাল বগাই ৰাজাজী হ'লত সোমাব চেষ্টা কৰে। ৰাইজক বাৰে বাৰে শৃংখলাবদ্ধ ভাৱে দৰ্শন কৰাৰ আহ্বান জনাই যদিও পৰিস্থিতি নিয়ন্ত্ৰণাধীন হোৱাত লাঠি চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয় আৰক্ষীয়ে। এম কৰুণানিধিৰ পুত্ৰ এমকে ষ্টেলিনে ৰাইজক মাইকযোগে বাৰে বাৰে শান্ত হৈ শান্তিৰে পিতৃৰ নশ্বৰদেহ দৰ্শন কৰাৰ লগতে শ্ৰদ্ধা জনাবলৈ কয়।